ঋণ পৰিশোধ কৰিবলৈ নিলাম কৰিব ছাৰ ডন ব্ৰেডমেনৰ টুপি

প্ৰায়ে এজন মহান খেলুৱৈৰ বেট, জাৰ্চি, জোতা, পেড বা টুপি এক নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে নিলাম কৰা হয়।

সময়ে সময়ে খেলুৱৈ বা সংশ্লিষ্ট প্ৰতিষ্ঠানে এই সামগ্ৰীবোৰৰ পৰা লাভ কৰা ধন এটা নিৰ্দিষ্ট কাৰণ বা উদ্দেশ্যৰ বাবে খৰচ কৰে।

কিন্তু এইবাৰ ঋণ পৰিশোধ কৰিবলৈ ছাৰ ডন ব্ৰেডমেনৰ টুপি নিলাম কৰিব বুলি জানিব পৰা গৈছে।

ব্ৰেডমেনে ১৯২৮ চনত টেষ্টৰ অভিষেক মেচত পৰিধান কৰা অষ্ট্ৰেলিয়াৰ ‘বেগী গ্ৰীণ কেপ’ চলিত সপ্তাহত নিলাম কৰা হ’ব।

অষ্ট্ৰেলিয়াৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক তথা ৯৯.৯৪ গড়ৰ অসম্ভৱ অভিলেখৰ বেটছমেন ব্ৰেডমেনে ৬১ বছৰ আগতে তেওঁৰ এগৰাকী প্ৰতিৱেশীক এই টুপিটো উপহাৰ দিছিল।

‘বেগী গ্ৰীণ টুপি’টো ২০০৩ চনৰ পৰা দক্ষিণ অষ্ট্ৰেলিয়াৰ ৰাজ্যিক পুথিভঁৰালত ঋণত আছে। এই কথা ব্ৰেডমেন সংগ্ৰহালয়ৰ প্ৰাক্তন মেনেজাৰ বেৰী গিবছে জনায়।

পীটৰ ডনহম নামৰ সেই প্ৰতিৱেশীজনৰ ওপৰত প্ৰায় ১০ কোটি টকাৰ ঋণ আছে। জালিয়াতিৰ অভিযোগত অভিযুক্ত ডনহামক মে’ মাহত আঠ বছৰ দুমাহৰ শাস্তি বিহা হৈছিল।

তেতিয়াৰ পৰা কিছুমান ঋণদাতাই তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে এই টুপিটো নিলামৰ দাবী কৰি আহছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১ ৯৩৬-৩৭ চনত অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে পৰিধান কৰা ব্লেজাৰটো ৬১ লাখ টকাত নিলাম কৰা হৈছিল।

২০১৫ চনত অনুষ্ঠিত এই নিলামৰ পূৰ্বে আন এটা টুপি প্ৰায় ৪ নিযুত ডলাৰত বিক্ৰী কৰা হৈছিল যিটো তেওঁ ১৯৪৮ চনৰ ভ্ৰমণত পিন্ধিছিল।