BRICSৰ দেশসমূহে আৰম্ভ কৰিছে ভূমি পুনৰুদ্ধাৰ অংশীদাৰিত্ব কাৰ্যসূচী
বৰ্তমান ভাৰত, ব্ৰাজিল আৰু চীনৰ দৰে ১১খন দেশক সামৰি লোৱা ব্ৰিকছ ৰাষ্ট্ৰসমূহে ভূমিৰ ক্ষতিৰ বিৰুদ্ধে যুঁজি মাটিৰ গুণাগুণ উন্নত কৰাৰ বাবে ব্ৰিকছৰ ভূমি পুনৰুদ্ধাৰ অংশীদাৰিত্ব কাৰ্যসূচী আৰম্ভ কৰিছে। ব্ৰাজিলিয়াত অনুষ্ঠিত হোৱা ১৫ সংখ্যক ব্ৰিকছৰ কৃষি মন্ত্ৰীসকলৰ বৈঠকত এই কথা ঘোষণা কৰা কৰে।
এই দেশসমূহৰ খেতিৰ ক্ষতি কৰা মৰুভূমিকৰণ আৰু মাটিৰ উৰ্বৰতা হেৰুৱাৰ দৰে সমস্যা ৰোধ কৰা লক্ষ্যৰে এই অংশীদাৰিত্বৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। তেওঁলোকে উমৈহতীয়াভাৱে খেতিক ন্যায্য, বহনক্ষম, আৰু ক্ষুদ্ৰ কৃষকৰ বাবে উন্নত কৰি তুলিব বিচাৰে বুলি মত প্ৰকাশ কৰিছে।
বৈঠকত ভাৰতৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ক্ষুদ্ৰ কৃষকক সহায় কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিষয়ে আলোকপাত কৰে। ব্ৰিকছৰ দেশসমূহে ভাৰতৰ ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানৰ দৰে ধাৰণা তথা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সন্মত হয়, যাতে ভূমি পুনৰুদ্ধাৰ আৰু উন্নত পদ্ধতিৰে খেতি কৰইব পাৰে। লগতে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি মহিলা আৰু যুৱ কৃষকসকলক সহায় কৰাৰ পৰিকল্পনা কৰিছে। এই অংশীদাৰিত্বই পৰিৱেশ সুৰক্ষাত সহায় কৰাৰ লগতে নিজ নিজ দেশৰ সকলোৰে বাবে পৰ্যাপ্ত খাদ্য নিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰিছে।
খাদ্য সুৰক্ষা, বহনক্ষম কৃষি আৰু ভূমি পুনৰুদ্ধাৰৰ বাবে ব্ৰিকছ দেশসমূহে ২০২৫-২০২৮ চনৰ এক কাৰ্যপৰিকল্পনা যুগুত কৰিছে। তেওঁলোকে চৰকাৰ, ব্যৱসায়ী আৰু স্থানীয় সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত মাটি পুনৰ সুস্থ কৰা আৰু পানী সংৰক্ষণৰ কামত জড়িত কৰিবলৈ লক্ষ্য ৰাখিছে। উমৈ হতীয়া প্ৰচেষ্টাৰে ব্ৰিকছ ৰাষ্ট্ৰসমূহে কৃষিক শক্তিশালী কৰাৰ লগতে পৃথিৱীখনক সুৰক্ষা দিয়াৰ আশা প্ৰকাশ কৰিছে।