বন্য হস্তীৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ বাবে পশ্চিম গাৰো পাহাৰত সৌৰবেৰ মুকলি ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ বিষয়াৰ

গাওঁবাসী আৰু বন্য হস্তীৰ সহাৱস্থানক উদগনি যোগোৱাৰ পদক্ষেপৰ অংশহিচাপে বন্য হস্তীৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বড়োগোবল খণ্ড-৩ গাৱঁত স্থাপন কৰা ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু এডাল তাঁৰযুক্ত এখন সৌৰশক্তিচালিত বেৰ মঙলবাৰে মুকলি কৰা হয়।

ব্ৰিটেইনৰ ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ বেলিণ্ডা ষ্টিৱাৰ্ট কক্সে মেঘালয়ৰ বন বিভাগৰ প্ৰতিনিধি,  পণ্ডিচেৰীৰ ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ অৰো সাস্বত, আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ,  বন্যপ্ৰাণী জীৱবিজ্ঞানী আলোলিকা সিনহা আদিৰ উপস্থিতিত এই বেৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক, বড়োগোবলৰ স্থানীয় লোক আৰু বড়োগোবল সৌৰ বেৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত গাওঁখনৰ মহিলাকে ধৰি প্ৰায় ৭০ জন লোকে অংশগ্ৰহণ কৰি গাঁওবাসীৰ মাজত বেৰখনে সৃষ্টি কৰা উৎসাহক প্ৰতিফলিত কৰে । এতিয়া অঞ্চলটোত ঘূৰি ফুৰা বনৰীয়া হাতীৰ জাকৰ পৰা বেৰখনে তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব বুলি গাওঁবাসীযে আশা প্ৰকাশ কৰে । ডাৰউইন ইনিচিয়েটিভ (ইউ কে এইড)ৰ সহযোগত আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে এই বেৰ স্থাপন কৰিছে

সেই বৈঠকত বেৰ সমিতি, গাঁওবাসী আৰু আৰণ্যকৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ পাছ্ত স্থানীয় লোক আৰু বেৰ কমিটীক বেৰখনৰ দায়িত্ব অৰ্পণ কৰা হয় ।

অনুষ্ঠানত বেলিণ্ডাই বেৰখন ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে । এই উপলক্ষে গাঁওখনৰ একাংশ শিশুৱে অতিথিসকলৰ সন্মুখত ৰাভা পৰম্পৰাগত নৃত্য পৰিবেশন কৰে।

উল্লাসিত গাঁওবাসীয়ে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ বিষয়া আৰু আৰণ্যকৰ দলটোক পৰম্পৰাগত ৰাভা পাজাৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে আড়ম্বৰপূৰ্ণ পৰম্পৰাগত আহাৰেৰে আপ্যায়ন কৰে।

অঞ্জন বৰুৱা, নিপুল চাকমা, সুভাষ ৰাভা, ৰিপুঞ্জয় নাথ, ৰূপম গয়াৰী আৰু বিজয় কলিতাক লৈ গঠিত আৰণ্যকৰ দলটোৰ লগতে গাঁওখনৰ গাঁও চেম্পিয়ন নবীন ৰাভা, হাতোগাওঁ আৰু বড়োগোবলৰ আৰ আৰ ইউৰ সদস্যবৃন্দ আৰু বেৰ সমিতিৰ সদস্যসকল আৰু বড়োগোবলৰ জীৱিকা হিতাধিকাৰী সকলে অনুষ্ঠনটোত অংশগ্ৰহণ কৰাৰ লগতে কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত সহায় কৰে ।