সংসদত মহিলা সহকৰ্মীৰ কাষত বহি পৰ্ণ’গ্ৰাফী চোৱাৰ অভিযোগত নিলম্বিত ব্ৰিটিছ সাংসদৰ পদত্যাগ

অভিযুক্ত ব্রিটিছ সাংসদ নীল পেৰিছ।

ব্ৰিটেইনৰ সংসদত মহিলা সহকৰ্মীৰ কাষত বহি পৰ্ণ’গ্ৰাফী চোৱাৰ অভিযোগত ব্ৰিটিছ সাংসদ নীল পেৰিছক নিলম্বন কৰা হয়। কিন্তু নিজৰ ভুল স্বীকাৰ কৰি নিলম্বনৰ পিছতে সাংসদগৰাকীয়ে এতিয়া নিজেই পদত্যাগ কৰাৰ কথা জানিবলৈ দিছে।

প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কনজাৰভেটি পাৰ্টিয়ে টৰি দলৰ অভিযুক্ত সাংসদ নীল পেৰিছৰ বিৰুদ্ধে নিলম্বনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ পিছতে এতিয়া তেওঁ পদত্যাগ কৰাৰ কথা জানিবলৈ দিছে।

অভিযোগৰ পিছতে নীল পেৰিছে ‘ভুল কৰি’ পৰ্ণ ৱেবছাইট খুলি থাকিব পাৰে বুলি দাবী কৰিছিল। তদন্তত অভিযোগ প্ৰমানিত হ’লে নীলে হাউছ অফ কমন্সত ক্ষমা বিচৰাৰ পৰা বহিস্কৃত হোৱাৰ দৰে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব।

২০১০ চনৰ পৰা সাংসদ হোৱাৰ পূৰ্বে নীল পেৰিছ আছিল কৃষিকৰ্মৰ সৈতে জড়িত এগৰাকী আঢ্যৱন্ত কৃষক। 

ইয়াৰ পূৰ্বে ঘটনাৰ সময়ত উপস্থিত থকা দুগৰাকী সাংসদে অভিযুক্ত সাংসদ নীল পেৰিছে কিদৰে চেম্বাৰ তথা কমিটিত বহি পৰ্ণ’গ্ৰাফী চাইছিল সেয়া টৰি দলৰ চীফ হুইপৰ আগত বৰ্ণনা কৰিছে। ঘটনাৰ সময়ত চেম্বাৰত পঞ্চাশ-ষাঠিগৰাকী মহিলা  সদস্য উপস্থিত আছিল।

বুধবাৰে তেওঁৰ দলৰ চীফ হুইপ ক্ৰিছ হেটনে নিজেই ঘটনাটো স্বতন্ত্ৰ তদন্ত কমিটিলৈ প্ৰেৰণ কৰিবলৈ কৈছিল। কমিটিৰ তদন্তৰ পিছতে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ জনাইছিল।

ঘটনাটো পোহৰলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ প্ৰেছ ছেক্ৰেটাৰীয়ে সাংবাদিকৰ আগত এয়া এক অনাকাংখিত আচৰণ বুলি সদৰী কৰিছিল।

সাংসদ নীল পেৰিছৰ এই জঘণ্য কাণ্ডই ব্ৰিটিছ সংসদৰ লগতে দেশখনতো তোলপাৰ লগাইছে।