• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাস্পাতালত ৭ টা নৱজাতকক হত্যা কৰা নাৰ্ছক যাৱজ্জীৱন কাৰাদণ্ড; কিয় তেওঁ এনে কাণ্ড কৰিছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 11:07 am
হত্যাকাৰী ব্ৰিটিছ নাৰ্ছ লুচি লেটবি।

হত্যাকাৰী ব্ৰিটিছ নাৰ্ছ লুচি লেটবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছ নাৰ্ছ লুচি লেটবিয়ে ২০১৫ চনৰ পৰা ২০১৬ চনলৈ  এবছৰত ৭টা নৱজাতক শিশুক হত্যা কৰাৰ লগতে আৰু ছটা শিশুক হত্যা কৰাৰ চেষ্টা চলাইছিল। যোৱা কেইমাহমানৰ পৰা তেওঁৰ ‘কাণ্ড’ৰ কথা শুনি সমগ্ৰ বিশ্বৰ জনসাধাৰণে স্তম্ভিত হৈ পৰিছে। তেওঁক আধুনিক ইউৰোপীয় ইতিহাসৰ আটাইতকৈ বিপজ্জনক চাইল্ড ছিৰিয়েল কিলাৰ বুলি কোৱা হৈছে।

সোমবাৰে (২১ আগষ্ট) তেওঁক অকালতে জন্ম হোৱা আৰু অসুস্থ নৱজাতকক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়। ইয়াৰ উপৰিও শিশুসকলৰ পিতৃ-মাতৃৰ দুৰ্বলতাৰ সুযোগ লোৱাৰ দোষতো তেওঁক দোষী সাব্যস্ত কৰা হৈছে। মানচেষ্টাৰৰ ক্রাউন আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

লগতে পঢ়ক: হাস্পাতালৰ নাইট ডিউটিত হত্যা কৰিছিল ৭টা নৱজাতকক; আদালতত দোষী সাব্যস্ত নাৰ্ছ

শাস্তি প্ৰদান কৰি মানচেষ্টাৰ ক্রাউন ক’ৰ্টৰ ন্যায়াধীশগৰাকীয়ে কয় যে লুচি লেটবিয়ে এই আক্ৰমণসমূহ আকস্মিকভাৱে সংঘটিত কৰা নাছিল। যথেষ্ট পৰিকল্পিতভাৱে, হিচাপ-নিকাচ কৰি আৰু চৰম ধূৰ্ততাৰে তেওঁ নৱজাতকক হত্যা কৰিছিল বা হত্যা কৰাৰ চেষ্টা কৰিছিল। ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁৰ আচৰণৰ নিষ্ঠুৰতা অত্যন্ত ভয়ংকৰ।

অৱশেষত ৩৩ বছৰীয়া লুচি লেটবিক পাঁচজন শিশু পুত্ৰ আৰু দুগৰাকী শিশু কন্যাক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়। প্ৰতিটো কাণ্ড সংঘটিত হৈছিল ২০১৫ চনৰ জুন মাহৰ পৰা ২০১৬ চনৰ জুন মাহৰ ভিতৰত, ইংলেণ্ডৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালত।

অৱশ্যে তদন্তকাৰীয়ে সন্দেহ কৰিছে যে আৰু কেইবাটাও নৱজাতক ভুক্তভোগী হ’ব পাৰে। কাৰণ লুচিয়ে ২০১০ চনৰ পৰা সেই চিকিৎসালয়খনত কাম কৰিছিল।

লগতে পঢ়ক:আত্মসমৰ্পণৰ কথা ঘোষণা কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

লুচিয়ে আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছিল। অৱশ্যে তেওঁৰ ঘৰত তালাচী চলাওঁতে ব্ৰিটিছ আৰক্ষীয়ে কেইবাটাও টোকা উদ্ধাৰ কৰে। এই টোকাবোৰেই শেষত তেওঁক দোষী সাব্যস্ত কৰাত সহায় কৰিছিল। এটা টোকাত লিখা আছিল, “মই বৰ বেয়া, মই এই কাম কৰিলোঁ।” এটা টোকাত লিখা আছিল “মই জীয়াই থকাৰ যোগ্য নহয়। মই ইচ্ছাকৃতভাৱে সিহঁতক মাৰি পেলালোঁ। মই সিহঁতৰ যত্ন ল’বলৈ উপযুক্ত নহয়।”

যদিও এই টোকাবোৰে লুচি লেটবিক দোষী সাব্যস্ত কৰাত সহায় কৰিছিল, তথাপিও তেওঁ কিয় এই হত্যাকাণ্ড সংঘটিত কৰিছিল সেয়া জনা নাযায়। ইটোৰ পিছত সিটোকৈ নিৰীহ নৱজাতকক হত্যা কৰাৰ আঁৰত তেওঁৰ কি উদ্দেশ্য আছিল, সেয়া ৰায়দানৰ পিছতো স্পষ্ট নহয়। সংশ্লিষ্ট সকলোৱে এই প্ৰশ্নটোকলৈ উদ্বিগ্ন।

মনোবিজ্ঞানীসকলৰ মতে লুচি লেটবিয়ে ‘ঈশ্বৰ’ হ’ব বিচাৰিছিল। সেইবাবেই তেওঁ সেই ল’ৰা-ছোৱালীবোৰক আক্ৰমণ কৰিছিল। তাৰ পিছত তেওঁ সহকৰ্মীসকলক আগতীয়াকৈ সকীয়াই দিছিল যে শিশুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কি হ’ব পাৰে তেওঁ ইতিমধ্যে গম পাইছিল। সকলো তেওঁৰ নিয়ন্ত্ৰণত আছিল। আৰু এই ক্ষমতা তেওঁ উপভোগ কৰিছিল। তেওঁ জনা কথাবোৰ ভৱিষ্যদ্বাণী কৰি নিজকে ঈশ্বৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিল।

লগতে পঢ়ক:বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰজ্ঞানন্দ; অসাধাৰণ প্ৰদৰ্শন দেখি মুগ্ধ বিশ্বনাথন আনন্দ

কিছুমানৰ মতে মনোযোগ আৰু সহানুভূতি আকৰ্ষণ কৰাটোৱেই আছিল লুচি লেটবিৰ প্ৰকৃত উদ্দেশ্য। অধ্যাপক ইয়ৰ্কাৰে যিসকলক হত্যাৰ দৰে অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল কেৱল সেইসকল চিকিৎসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মীকলৈয়েই অধ্যয়ন কৰে। তেওঁ এনে ১৩০টাতকৈও অধিক গোচৰৰ তদন্ত কৰিছে। তেওঁৰ মতে এনে হত্যাকাণ্ডত হত্যাকাৰীয়ে এক অদ্ভুত ক্ষমতা অনুভৱ কৰে। প্ৰাণ লোৱাৰ ক্ষমতাৰ তৃপ্তি ল’বলৈকে তেওঁলোকে বাৰে বাৰে এক ঘটনা ঘটাই থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd