NORTHEAST NOW (Assamese)

চামগুৰিত ভঙা বাঁহৰ দলঙেৰে পাৰ হয় গাঁৱৰ ৰাইজ; খবৰ নাই জনপ্ৰতিনিধিৰ

September 23, 2019 2:39 pm · ভার্গব হাজৰিকা
Updated: September 23, 2019 2:43 pm

পৰিৱৰ্তনকামী চৰকাৰৰ গড়কাপ্টানী মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পথ আৰু দলঙৰ ব্যাপক উন্নয়ন হোৱা বুলি বিভিন্ন সভাই সমিতিয়ে যশ কৰি আহিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পথ আৰু দলঙৰ জৰাজীৰ্ণ অৱস্থাই চৰকাৰৰ ফোঁপোলাস্বৰূপ উদঙাই দিছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ চামগুৰি সমষ্টি আৰু কলিয়াবৰ সমষ্টিৰ সীমাত থকা এখন জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজৰ হাৰাশাস্তিৰ সৃষ্টি হৈছে। অতিকে জৰাজীৰ্ণ এই  দলঙখনত উঠা-নমা কৰিবলৈ মাটিৰ পৰা প্ৰায় আঠ-দহ ফুট বগাব লগা হয়।

চামগুৰি সমষ্টিৰ ব্যস্ত অঞ্চল আমনিৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত কলং নৈৰ ওপৰত থকা চামগুৰিৰ শিয়ালে খাইতি আৰু কলিয়াবৰৰ মিছামুখ সংযোগী ভংগ্নপ্ৰায় দলঙখনৰ কোনোমতে অস্তিত্বটোহে আছে।

বিগত বহু বছৰ ধৰি দলংখনৰ দুৰৱস্থাৰ বাবে হাতৰ মুঠিত জীৱটো লৈ প্ৰতিদিনে পাৰ হয় দুয়োপাৰৰ বহু সংখ্যক পুৰুষ-মহিলা আৰু কণ-কণ ছাত্ৰ-ছাত্ৰীসকল।

উল্লেখযোগ্য যে, সেই ঠাইত সূচল যাতায়তৰ বাবে এখন কাঠৰ অথবা পকী দলং নিৰ্মাণৰ কাৰণে দুয়োটা সমষ্টিৰে জনপ্ৰতিনিধি ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰকিবুল হুছেইনৰ ওচৰত স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই।

Related News