৩.৬ কোটি টকা মূল্যৰ ব্ৰাউন ছুগাৰসহ আটক ম্যানমাৰৰ মহিলা

drugs-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত ২০ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে ম্যানমাৰৰ এগৰাকী ৩৫ বছৰীয়া মহিলাক ড্ৰাগছ সৰবৰাহৰ অভিযোগত মণিপুৰৰ মোৰেহৰ পৰা আটক কৰিছে। আটকাধীন মহিলাগৰাকীৰ পৰা ১.৮১৭ কিলোগ্ৰাম উচ্চ মানসম্পন্ন ব্ৰাউন ছুগাৰ জব্দ কৰে।

টেংনৌপাল জিলাৰ আৰক্ষী অধীক্ষক এছ ইবমছাই জানিবলৈ দিয়া অনুসৰি জিলা আৰক্ষী আৰু ৪৪ নং আছাম ৰাইফলছৰ এটা যুটীয়া অভিযানকাৰী দলে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই মহিলাগৰাকী সহ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণি অনুসৰি মহিলাগৰাকী বুধবাৰে ৰাতিপুৱাৰ ভাগতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ মোৰেহ অভিমুখে আহি আছিল। সেই সময়তে আৰক্ষীৰ অভিযানকাৰী দলটোৱে তেওঁক আটক কৰি অনুসন্ধান চলাই।

মহিলাগৰাকীয়ে লগত লৈ অনা বেগটোৰ ভিতৰৰ পৰা অভিযানকাৰী দলটোৱে ১৪৩টা সৰু সৰু ব্ৰাউন ছুগাৰৰ পেকেট উদ্ধাৰ কৰে। জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৩.৬ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক হোৱা মহিলাগৰাকী ম্যানমাৰৰ টামু জিলাৰ নামফালং চহৰৰ থেমনেইলাম হাওকিপ বুলি চিনাক্ত কৰিছে। সম্প্ৰতি মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি জেৰা চলাই থকা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।