NORTHEAST NOW (Assamese)

পাশৱিক কাণ্ড! পত্নীৰ মৃত্যুৰ পিছত নিজৰ ১৬ বছৰীয়া কন্যাক বাৰম্বাৰ ধ*ৰ্ষণ পিতৃৰ

October 27, 2024 9:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 27, 2024 10:18 pm

উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক লোমহৰ্ষক ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিজ পিতৃয়ে বাৰম্বাৰ ধৰ্ষণ কৰাৰ অভিযোগ লাভ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

আৰক্ষী অধীক্ষক সাগৰ জৈনৰ মতে, এদশক পূৰ্বে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃৰ মৃত্যু হৈছিল। মাতৃৰ মৃত্যুৰ পিছৰ পৰাই পিতৃয়ে তেওঁক বিভিন্ন শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছে।

চলিত সপ্তাহত কিশোৰীগৰাকীয়ে পিতৃৰ অকথ্য নিৰ্যাতনৰ কথা আৰক্ষীক অৱগত কৰে।

কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি শাৰীৰিক আক্ৰমণৰ লগতে দীৰ্ঘদিনৰ পৰা পিতৃয়ে তেওঁক ধৰ্ষণ কৰি আহিছে। এই কথাৰ প্ৰতিবাদ কৰিলে পিতৃয়ে শাৰীৰিক নিৰ্যাতন চলায়। পৰিয়ালৰ লোকক পৰিস্থিতিৰ বিষয়ে গম পাই পিতৃক সতৰ্কবাণী জাৰি কৰাৰ পিছতো নিৰ্যাতন অব্যাহত থাকে। অৱশেষত কিশোৰীগৰাকী আৰক্ষীৰ কাষ চাপে।

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হয়, আৰু ভুক্তভোগীচিকিৎসা পৰীক্ষাৰ বাবে পঠোৱা হয়।

অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰা হৈছেতদন্ত চলি আছে বুলি আৰক্ষী অধীক্ষক জৈনে নিশ্চিত কৰিছে।

Related News