NORTHEAST NOW (Assamese)

লক্ষ্য ভাৰতীয় অৰ্থনীতিক আঘাত; ১,০৬,০০০ নকল ভাৰতীয় টকাৰে বি এছ এফৰ হাতত আটক বাংলাদেশী

October 17, 2019 5:49 pm · এন ই নাও নিউজ
উদ্ধাৰ হোৱা নকল ভাৰতীয় টকাখিনি

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত থকা বি এছ এফে ১৫ অক্টোবৰত ১,০৬,০০০ মূল্যৰ নকল ভাৰতীয় টকাৰে সৈতে এগৰাকী বাংলাদেশী লোকক আটক কৰে।

মেঘালয়ত থকা বি এছ এফৰ জনসম্পৰ্ক ৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি বি এছ এফে ১৫ অক্টোবৰত পূৱ খাচি পাহাৰীয়া জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে নকল ভাৰতীয় টকা সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল।

এই তথ্যৰ ভিত্তিত বি এছ এফৰ ১১ বেটেলিয়নে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিশেষ অভিযান চলায়।

অভিযানত বি এছ এফে ভাৰত-বাংলা সীমান্তৰ পৰা ২০০ মিটাৰ আটৰত বাংলাদেশৰ নাগৰিকত্ব থকা ৬৮ বছৰীয়া ভোলা চাংমাক আটক কৰে।

ধৃত বাংলাদেশী নাগৰিক জন চুবুৰীয়া দেশখনৰ চুনমগঞ্জ জিলাৰ আনন্দপুৰ গাঁৱৰ বাসিন্দা।

আনহাতে, জেৰাৰ সময়ত ব্যক্তি গৰাকীৰ পৰা বি এছ এফে ৫৩ খন ২০০০ টকীয়া নোটেৰে সৈতে ১,০৬,০০০ নকল ভাৰতীয় টকা জব্দ কৰে।

ব্যক্তিগৰাকীয়ে নকল ভাৰতীয় টকাখিনি পলিথিনৰ বেগেৰে বান্ধি কাপোৰৰ তলত লুকুৱাই আনিছিল।

বাংলাদেশী নাগৰিক গৰাকীৰ পৰা ২ খন বাংলাদেশী ছিম যুক্ত এটা মোবাইল ফোনো উদ্ধাৰ কৰা হয়।

তদুপৰি, জেৰাৰ সময়ত চাংমাই একেখন জিলাৰে মইনা গাঁৱৰ ইনছান আলি নামৰ এজন ব্যক্তিয়ে তেওঁক টকা খিনি দি ভাৰতীয় নাগৰিক এজনৰ হাতত অৰ্পন কৰিবলৈ কোৱা বুলি প্ৰকাশ কৰে।

ঘটনাৰ লগত জড়িত থকা অধিক লোকৰ নাম পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি বি এছ এফৰ  তৰফৰ পৰা কোৱা হয়।

Related News