সীমান্তত সন্ত্ৰাস : বাংলাদেশীৰ আক্ৰমণত বি এছ এফ জোৱান আৰু ভাৰতীয় লোক আহত

Injured-villager-

ফটো : নৰ্থ-ইষ্ট নাও

বাংলাদেশী ডকাইতৰ আক্ৰমণত এজন বি এছ এফ কৰ্মী আৰু এগৰাকী ভাৰতীয় লোক বেয়াকৈ আঘাত পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে পুৱতি নিশা ভাৰত-বাংলাদেশ সীমান্ত ৰংকামৰ সীমান্তৱৰ্তি গাঁও আমদোহত সংঘটিত হয় এই অবাঞ্চিত ঘটনা।

ঘটনাটো সংঘটিত হোৱা গাঁওখন ডাউকী আৰু মুক্তাপুৰৰ মাজৰ। বাংলাদেশ সীমান্তৰ নিচেই ওচৰৰ এই গাঁওখন ভাৰতৰ অন্তিমখন গাঁও।

বাংলাদেশী ডকাইতৰ আক্ৰমণত আহত হোৱা গাঁৱলীয়া লোকজন পি বেৰেহ আৰু বি এছ এফ জোৱানজন হাৱালদাৰ শিৱশংকৰ দে বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোক দুজনক পৃথক পৃথক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

বাংলাদেশৰ ডকাইত দলে এই ঘটনাটো সংঘটিত কৰা বুলি ইতিমধ্যে বি এছ এফৰ এজন উচ্চস্তৰীয় বিষয়াই নিশ্চিত কৰে।

জানিব পৰা মতে মঙলবাৰে নিশা ১২.৩০ মান বজাত ডকাইতৰ দলটোৱে ৰংটিলাত পহৰা দি থকা বি এছ এফৰ দল এটাক প্ৰথমে আক্ৰমণ কৰে। ইয়াৰ পিছত দলটোৱে আমদোহত প্ৰৱেশ কৰি গাঁৱলীয়া লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লোকজনৰ ওচৰত থকা এটা এচ বি বি এল পিষ্টল কাঢ়ি লৈ যায়।

পিষ্টলটো কাঢ়ি নিয়াৰ পূৰ্বে গাঁৱলীয়া লোকজনে ডকাইতৰ দলটোক উদ্দেশ্যি গুলী চলাইছিল আৰু সেই গুলীত এজন ডকাইত আঘাতপ্ৰাপ্ত হোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা ডকাইতৰ দলটোত প্ৰায় ১৫ জন সদস্য আছিল।

ইফালে এই ঘটনা সন্দৰ্ভত আজি আবেলি ব’ৰ্ডাৰ গাৰ্ডছ অব বাংলাদেশ (বি জি বি) আৰু বি এছ এফৰ এখন ফ্লেগ মিটিং অনুষ্ঠিত হোৱা বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে।

এই বৈঠকতে বি এছ এফে বাংলাদেশী আক্ৰমণকাৰী কেইজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

মঙলবাৰে নিশা সংঘটিত হোৱা এনে ঘটনাৰ দৰেই যোৱা ৩ আৰু ৪ জানুৱাৰিতো উক্ত অঞ্চলত বাংলাদেশী ডকাইতৰ দলে ভাৰতীয় লোকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ সংঘটিত কৰিছিল।

উক্ত আক্ৰমণটোত পাঁচগৰাকী ভাৰতীয় লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু এই আক্ৰমণত এখন গাড়ী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ডকাইতৰ দলটোৱে বিভিন্ন সামগ্ৰী লুটি লৈ যায়।

এই ঘটনাৰ পিছতেই জয়ন্তীয়া ছাত্ৰ সন্থাৰ লগতে ডাউকী এলেকাৰ কেইবাজনো সচেতন লোকে মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ কে চাংমাক সাক্ষাৎ কৰি অঞ্চলটো সুৰক্ষিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিল।

সীমান্ত অঞ্চলটোত পহৰাৰ বাবে নিয়োজিত হৈ থকা আৰক্ষী আৰু বি এছ এফ জোৱানৰ সংখ্যা তেনেই নগন্য আৰু বাংলাদেশী অপৰাধীসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লয় বুলি গৃহ মন্ত্ৰীক সাক্ষাতৰ সময়ত ছাত্ৰ সংগঠনটোৱে কৈছিল।