ৰাজস্থানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত দুই পাক ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়াই হত্যা

bsf-rajasthan

ৰাজস্থানৰ পাক-ভাৰত সীমান্তৰে অবৈধভাবে ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা দুজন পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰীক যোৱা নিশা সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে।

নিহত পাকিস্তানী লোকে দুজনৰ পৰা বিএছএফে অস্ত্ৰ-শস্ত্ৰৰ লগতে ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিএছএফৰ সূত্ৰই প্ৰকাশ কৰা মতে নিশাৰ ভাগত তহল দিয়াৰ সময়তে বিএছএফৰ দলটোৱে ৰাজস্থানৰ শ্ৰীগংগানগৰ অঞ্চলেৰে সীমান্ত পাৰ হৈ দুজন লোকে ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা দেখিবলৈ পায়।

বিএছএফে লোকে দুজনক এই কাৰ্যত বাধা দিয়ে যদিও লোক দুজনে বিএছএফৰ দলটোক গুলীয়াবলৈ উদ্যত হয়।

ফলত বিএছএফে গুলীবৰ্ষণ কৰে আৰু লোক দুজনৰ মৃত্যু ঘটে।

নিহত লোক দুজনৰ বিএছএফে পৰা দুটা পিষ্টল,২৮ ৰাউণ্ড সক্ৰিয় গুলী,আঠ পেকেট ড্ৰাগছ,১৩ লাখ টকা মূল্যৰ পাকিস্তানী মুদ্ৰা,এখন পৰিচয় পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰিচয় পত্ৰখনত ছাহবাজ আলি,পিতা-মুস্তাক আহমেদ বুলি লিখা আছে।

লোক দুজনে নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি নিশাৰ ভাগত সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল।

উল্লেখ্য প্ৰায় তিনি সপ্তাহ পূৰ্বেও পাঞ্জাৱৰ টাৰ্ন টাৰান জিলাৰ সীমান্তত নিৰাপত্তা বাহিনীয়ে ৫ জন পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰীক হত্যা কৰিছিল।

পাকিস্তানে সীমান্তৰে ড্ৰাগছৰ সৰবৰাহ কৰি ভাৰতৰ যুৱ প্ৰজন্মক নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছে।