বি এছ এন এল কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘট

BSNL-4G-570x320

All Unions and Associations of BSNLএ ২৪ ফেব্ৰুৱাৰিত দেশজোৰা ভোক ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বি এছ এন এলৰ পুনৰজীৱন দানৰ উপলক্ষে কেন্দ্ৰই শেহতীয়াকৈ গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তসমূহ শীঘ্ৰে ৰূপায়ণৰ দাবীৰে এই ধৰ্মঘট আহ্বান কৰা হৈছে।

কৰ্মচাৰীসকলৰ সমস্যাৰাজিৰো দ্ৰুত সমাধান সস্থাটোৱে বিচাৰিছে।

যোৱা বছৰ কেবিনেটে লোৱা সিদ্ধান্তসমূহৰ ভিতৰত কেৱল স্বেচ্ছামূলক অৱসৰৰ বিষয়টোৱে ৰূপায়িত হোৱাৰ বিপৰীতে বাকীবোৰ এতিয়াও ৰূপায়ণ হোৱা নাই বুলি বাতৰিত প্ৰকাশ।
ইফালে কেবিনেট সিদ্ধান্তৰ পিছতো ধন আৰু আবণ্টনত পলমৰ বাবে ৪জি সেৱাৰ মুকলিও এই বছৰৰ শেষভাগ পোৱাৰ সম্ভাৱনা আছে।

পুনৰ্জীৱনদানৰ পদক্ষেপৰূপে “নীতিগতভাৱে” বি এচ এন এল আৰু এম টি এন এলৰ একত্ৰীকৰণতো কেবিনেটে অনুমোদন জনাইছিল।

দুয়োটা প্ৰতিষ্ঠানকে ৪জি সেৱা আৰম্ভ কৰাৰ বাবে স্পেকট্ৰামৰ প্ৰশাসনিক আবণ্টনৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

৪জি স্পেকট্ৰামৰ বাবে কেন্দ্ৰই প্ৰতিষ্ঠান দুটাত ২০,১৪০ কোটি টকা পুঁজি যোগান ধৰাৰ কথা আছিল।

এই স্পেকট্ৰাম মূল্যৰ জি এছ টিৰ বাবদ কেন্দ্ৰই যোগান ধৰিব লাগে অতিৰিক্ত ৩,৬৭৪ কোটি টকা।

পুনৰ্জীৱন কাৰ্য্যসূচীৰ অংশৰূপে বি এচ এন এল-এম টি এন এলে ১৫,০০০ কোটি টকাৰ দীৰ্ঘকালীন ব’ন্দ মুকলি কৰিব। আৰু কেন্দ্ৰই তাত “সাৰ্বভৌম নিশ্চিতি (sovereign guarantee)” প্ৰদান কৰিব।

কিন্তু, পুনৰ্জীৱনৰ কাৰ্য্যসূচীৰ অংশৰূপে ৫০ বছৰোৰ্ধ্বৰ কৰ্মচাৰীক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটাই স্বেচ্ছামূলক অৱসৰদানৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা আছিল।

কেবিনেট সিদ্ধান্তমতে, এই অৱসৰৰ বাবে “আকৰ্ষণীয় স্বেচ্ছামূলক অৱসৰ আঁচনি” (attractive Voluntary Retirement Scheme) থাকিব আৰু তাৰ খৰচ কেন্দ্ৰই বহন কৰিব।

এতিয়ালৈকে বাতৰিমতে ৭৮৫৬৯ গৰাকী বি এছ এন এল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে।

পুনৰ্জীৱনৰ অনুমোদিত প্ৰস্তাৱত থকা আন এটা কথা হৈছে, বি এচ এন এল-এম টি এন এলে “ধন আয়ত লগাব লাগিব তেওঁলোকৰ সম্পদ (monetise their assets)”।

বি এচ এন এল আৰু এম টি এন এল ভাৰত চৰকাৰৰ টেলিকমিউনিকে’চন বিভাগৰ ওচৰত জৱাবদিহি।