NORTHEAST NOW (Assamese)

ক’লকাতাৰ BSNL এক্সেইঞ্জত জুই, সমগ্ৰ অসমত ব্যাহত ফোন সেৱা

August 1, 2019 5:11 pm · এন ই নাও নিউজ
বি এচ এন এল প্ৰতীক।

ক’লকাতাস্থিত এক্সেইঞ্জত জুই লগা বাবে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে ব্যাহত হৈছে বি এচ এন এলৰ ফোন সেৱা।

কল ড্ৰপ, ফোন নোযোৱা-নহা আদি সমস্যাই দেখা দিছে। ব্যাহত হৈছে ইণ্টাৰনেট সেৱাও।

তাৰোপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ সেৱা গ্ৰহণ কৰা বেংক, সংবাদ মাধ্যমৰ লগতে বহুবিলাক চৰকাৰী কাৰ্য্যালয়তো কাম-কাজত অসুবিধাই দেখা দিছে।

অগ্নিকাণ্ডৰ ঘটনাটোৱে ১ জুলাইত ১০ দিনত ভৰি দিছে যদিও এতিয়াও ছল্টলেইকত থকা এক্সেইঞ্জটোৰ মেৰামতি সম্পূৰ্ণ হোৱা নাই।

অকল উত্তৰ-পূবেই নহয় পশ্চিম বংগ আৰু আন্দামান আৰু নিকোবৰতো বি এচ এন এল সেৱা ব্যাহত হৈছে।

খবৰ মতে, ২২ জুলাইৰ সন্ধিয়া হোৱা অগ্নিকাণ্ডটোত বি এচ এন এলৰ ত্ৰানমিশ্যন সঁজুলি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

বি এচ এন এলৰ বিভাগীয় সূত্ৰ মতে, তেওঁলোকৰ অভিযন্তা দিনে-নিশাই মেৰামতিৰ কামত লাগি আছে।

প্ৰতিষ্ঠানটোৱে দুই-এদিনৰ ভিতৰতে পুনৰ ফোন আৰু ইণ্টাৰনেট সেৱা স্বাভাৱিক হ’ব বুলি আশা কৰিছে।

Related News