বৰপেটা চহৰৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক জীৱনকলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নিৰ্বাচন আয়োগৰ কিছু অবিবেচক কাণ্ডই।
প্ৰশাসনে বিগত লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই একপ্ৰকাৰ অধিগ্ৰহণ কৰি ৰাখিছে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়।
ইয়াৰ ফলত মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে ৷
ইপিনে, পৰীক্ষা সমাগত যদিও এই মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে পাঠদানৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ যাতনা।
সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ সময়ত মহাবিদ্যালয় খনত ষ্ট্ৰং ৰুম বহুৱায়। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতো আজিকোপতি ষ্ট্ৰং ৰুম স্থানান্তৰ নকৰিলে নিৰ্বাচন আয়োগ তথা বৰপেটা জিলাৰ উপায়ুক্তই।
এই কাৰ্যত ক্ষুন্ন হৈ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে আজিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ছাত্র-ছাত্ৰী সকলে বৰপেটা জিলা উপায়ুক্তৰ সন্মুখত আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয় খনৰ ষ্ট্ৰং ৰুম আঁতৰাই মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘুৰাই অনাৰ দাবী জনায়।
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাম কাজ ছাত্র ছাত্ৰী সকলৰ প্ৰতিবাদত কিছু সময় স্তব্ধ হৈ পৰে।
অৱশেষত ছাত্র-ছাত্ৰী সকলে বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈৰ জৰিয়তে উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।