NORTHEAST NOW (Assamese)

BSNL ৰ নতুন প্লান মুকলি; দৈনিক ২ জিবি ডাটা আৰু অপৰিসীমিত ফোন কলৰ সুবিধা

November 13, 2019 8:46 pm · এন ই নাও নিউজ
বি এছ এন এল, প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বি এছ এন এলে নতুনকৈ ৯৭ টকাৰ আৰু ৩৬৫ টকাৰ ৰিচাৰ্জ প্লান গ্ৰাহক সকলৰ বাবে মুকলি কৰি দিছে।

ইয়াৰ সৈতে বি এছ এন এলে ১,৯৯৯ টকাৰ আৰু ৩৯৯ টকা প্লানকো আপডেট কৰিছে।

বি এছ এন এলে অলপতে ১,৬৯৯ টকীয়া প্ৰিপেড প্লানকৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন কৰি ইয়াৰ বৈধতা ৩৬৫ দিনৰ পৰিৱৰ্তে ৪২৫ দিনলৈ বৃদ্ধি কৰিছিল।

বি এছ এন এলৰ তামিলনাডুৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি গ্ৰাহক সকলে বি এছ এন এলৰ নতুন ৩৬৫ টকাৰ প্লানত দৈনিক ২ জিবি ডাটা, ১০০ টা এছ এম এছ আৰু অপৰিসীমিত স্থানীয়, এছ টি ডি আৰু ৰোমিং কলৰ সুবিধা লাভ কৰিব।

ৱেবচাইটত উল্লেখ কৰা অনুসৰি এই প্লেনৰ বৈধতা ৬০ দিনৰ বাবে।

আনাহাতে, ৩৬৫ টকাৰ প্লানৰ উপৰিও কোম্পানীয়ে মুকলি কৰা ৯৭ টকাৰ প্লানত গ্ৰাহকে ২ জিবি ডাটা আৰু ১৮ দিনৰ বাবে প্ৰতিদিনে ১০০ টা এছ এম এছৰ সুবিধা লাভ কৰিব পাৰিব।

বি এছ এন এলে ইয়াৰ ৩৯৯ টকাৰ প্লানৰ ক্ষেত্ৰতো কিছু সলনি কৰি গ্ৰাহক সকলক প্ৰত্যেকদিনে ১ জিবি ডাটা, ১০০ টা এছ এম এছ ৮০ দিনৰ বৈধতাৰে প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ইয়াৰ বৈধতা আছিল ৭৪ দিনৰ বাবে।

Related News