NORTHEAST NOW (Assamese)

BSNLএ আৰম্ভ কৰিলে Bharat InstaPay

March 13, 2020 5:53 pm · এন ই নাও নিউজ

বি এছ এন এলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সহযোগত Bharat InstaPay নামৰ এক ইউ পি আই-ভিত্তিক পেমেণ্ট সেৱা আৰম্ভ কৰিছে।

এই সেৱাৰ জৰিয়তে কোম্পানিটোৰ সকলো সহযোগীয়ে ২৪ ঘণ্টাই লেনদেন কৰিব পাৰিব।

বিশেষকৈ বি এছ এন এলৰ প্ৰিপেইড ছেলাৰসকলে এই সেৱাৰ জৰিয়তে ততালিকে ধন পৰিশোধ কৰিব পাৰিব।

পূৰ্বে এনে সুবিধা নথকাৰ ফলত বি এছ এন এলৰ সহযোগীসকলে কোম্পানিটোক ধন পৰিশোধত অসুবিধাৰ সন্মুখীন হৈছিল।

চৰকাৰী প্ৰতিষ্ঠানটোৰ বন্ধৰ দিনত এই অসুবিধা আৰু বৃদ্ধি হৈছিল।

পৰোক্ষভাৱে এই অসুবিধাৰ ফল কোম্পানিটোৰ গ্ৰাহকসকলেও ভুগিব লগাত পৰিছিল।

এই Bharat InstaPayৰ জৰিয়তে এতিয়া বি এছ এন এলৰ সহযোগীসকলে ৰিয়েল টাইমত ডিজিটেল পেয়মেণ্ট কৰিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বি এছ এন এল আৰু এম টি এন এল বন্ধ নহয় বুলি ঘোষণা কৰি প্ৰতিষ্ঠানকেইটাৰ বাবে সাহায্য আগবঢ়াইছিল।

Related News