জিঅ’ক প্ৰত্যাহ্বান BSNLৰ! প্ৰিপেইড গ্ৰাহকলৈ অতুলনীয় অফাৰ

2018-11-08T161434Z_1_LYNXMPEEA71FU_RTROPTP_3_INDIA-BSNL-kCFI--621x414@LiveMint_1573139478355

প্ৰতিনিধিত্বমূলক ফটো

টেলিকম কোম্পানীসমূহৰ প্ৰতিযোগিতাৰ দৌৰত জিঅ’ই এয়াৰটেল,ভোডাফোন, বিএছএনএলৰ দৰে কোম্পানীসমূহক প্ৰায় নি:শেষ কৰাৰ দিশে আগবাঢ়িছে।

জিঅ’ই বিনামূলীয়া ডাটা ব্যৱহাৰৰ সেৱা আৰম্ভ কৰি ব্যাপক সংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

দিন যোৱাৰ লগে লগে কঠিন হৈ পৰা এই প্ৰতিযোগিতাত তিষ্ঠি থকাৰ বাবে আন কোম্পানীসমূহেও এটাৰ পাছত আন এটা অফাৰ ঘোষণা কৰি গৈছে।

এইবাৰ জিঅ’ক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই বিএছএনএলে এনে এক অফাৰ আগবঢ়াইছে যিটো জিঅ’ৰ গ্ৰাহকসকলৰ বাবেও দুৰ্লভ।

বিএছএনএলৰ ইয়াৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ১,৬৯৯ টকাৰ এটা প্লেন আছে। ইমানদিনে ইয়াৰ ম্যাদ আছিল ৩৬৫দিন। এবাৰ এই প্লেনত ৰিচাৰ্জ কৰিলে এবছৰৰ বাবে আৰু চিন্তা নাছিল।

বৰ্তমান এই প্লেনৰ ম্যাদ আৰু ৬০দিন অৰ্থাৎ দুমাহ বৃদ্ধি কৰা হৈছে। এতিয়া ১,৬৯৯ টকাৰ ৰিচাৰ্জৰ ম্যাদ হ’লগৈ ৪২৫দিন।

পূজা উপলক্ষে যোৱা ৩১ অক্টোবৰ পৰ্যন্ত এই প্লেনত ৪৫৫ দিনৰ ম্যাদৰ বিশেষ অফাৰ দিয়া হৈছিল।

ইয়াৰ পাছৰে পৰা ৪২৫দিনৰ ম্যাদৰ এই অফাৰ আৰম্ভ কৰা হৈছে। অৱশ্যে, ৩০ নৱেম্বৰৰ ভিতৰত ৰিচাৰ্জ কৰিলে এই অফাৰ লাভ কৰিব।

তদুপৰি, নৱেম্বৰ আৰু ডিচেম্বৰত গ্ৰাহকসকলে প্ৰতিদিনে তিনি জিবি ডাটা ব্যৱহাৰ কৰাৰ সুযোগো পাব। কোম্পানীয়ে জানিব দিয়ে যে সকলো প্ৰিপেইড গ্ৰাহকেই এই অফাৰ লাভ কৰিব।

এই প্লেনত কি কি আছে? গ্ৰাহকসকলে আনলিমিটেড ভইচ কলৰ লগতে পাব এশটা এছএমএছ। তদুপৰি, গ্ৰাহকসকলে ৰিং বেক ট’ন ছেট কৰিব পাৰিব যদিও ইয়াৰ ম্যাদ থাকিব ৩৬৫দিন।

ইয়াৰ পূৰ্বে এই প্লেনত বিএছএনএলে গ্ৰাহকক প্ৰতিদিনে দুই জিবি ডাটা দিছিল। এতিয়া ইয়াৰ ঠাইত প্ৰতিদিনে লাভ কৰিব তিনি জিবি ডাটা।

বিএছএনএলৰ দৰে ১,৬৯৯ টকাৰ প্লেন এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰো আছে। এয়াৰটেলৰ প্লেনত গ্ৰাহকে ৩৬৫ দিনৰ বাবে ১.৪জিবি ডাটাৰ লগতে আনলিমিটেড ভইচ কল তথা বিনামূলীয়া মেচেজৰ সুবিধা লাভ কৰে।

সেইদৰে জিঅ’ৰ প্লেনত গ্ৰাহকে ৩৬৫ দিনৰ বাবে ডেৰ জিবি ডাটাৰ লগতে জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড ভইচ কলৰ সুবিধা লাভ কৰে।

কিন্তু প্লেনৰ ম্যাদৰ লগতে ডাটা সেৱাৰ অফাৰত জিঅ’কো অতিক্ৰম কৰি বিএছএনএলে গ্ৰাহকক নিশ্চয়কৈ আকৰ্ষণ কৰিব।