দেশজুৰি বি এছ এন এল কৰ্মীৰ কৰ্মবিৰতি : উত্তৰ-পূবত ব্যাহত নহয় পৰিসেৱা

BSNL-4G Union Cabinet approves revival plan of BSNL and MTNL and in-principle merger of the two

বি এচ এন এল প্ৰতীকৰ ফাইল ছবি।

ভাৰত সঞ্চাৰ নিগম লিমিটেড কৰ্তৃপক্ষই সৰ্বভাৰতীয় পৰ্য্যায়ত ঘোষণা কৰা তিনিদিনীয়া কৰ্মবিৰতিৰ ফলত অসমৰ লগতে উত্তৰ-পূবত ইয়াৰ পৰিসেৱা সমূহ বিঘ্নিত নহয় বুলি ঘোষণা কৰিছে। অসম, মেঘালয় আৰু ত্ৰিপুৰাত থকা বি এছ এন এলৰ কৰ্তৃপক্ষই সোমবাৰৰ পৰা আৰম্ভ কৰা কৰ্মবিৰতিৰ প্ৰভাৱত ছিকিমক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যসমূহত সেৱা সমূহৰ কোনোধৰণৰ অসুবিধা গ্ৰাহকে পোৱা নাই বুলি উল্লেখ কৰে।

আনহাতে, কৰ্মবিৰতি ঘোষণা কৰা বি এছ এন এলৰ এ য়ু এ বি নামৰ সংগঠনটোৰ ত্ৰিপুৰাস্থিত এজন নেতাই কৰ্মবিৰতিৰ সময়ত সংগঠনটোৱে দাবী সমূহ পূৰণ কৰাৰ বাবে ৰাষ্ট্ৰজুৰি প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰিব বুলি কয়।

উল্লেখযোগ্য যে, এ য়ু এ বিয়ে বি এচ এন এলক ৪ জি স্পেকট্ৰাম আগবঢ়োৱা, ২০১৭ চনৰ ১ জানুৱাৰিৰ পৰা অৱসৰ প্ৰাপ্ত কৰ্মচাৰীসকলক সংশোধিত হাৰত পেঞ্চন দিয়া আদি দাবী লৈ তিনিদিনীয়া কৰ্মবিৰতি ঘোষণা কৰিছে।