NORTHEAST NOW (Assamese)

হোৰাহোৰে বাঢ়িছে BSNLৰ গ্ৰাহক, নিদ্ৰা হৰিছে Jio, Airtelৰ!

September 21, 2024 9:58 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা দুবছৰত গ্ৰাহকৰ সংখ্যা যথেষ্ট হাৰত হ্ৰাস পোৱা দেখা গৈছিল। হয়, BSNLৰ কথাই কৈছো। ৰাষ্ট্ৰীয়কৃত কোম্পানীটোক ব্যক্তিগত টেলিকম কোম্পানীৰ দপদপনিত প্ৰায় একাষৰীয়া হৈ পৰিছিল। কিন্তু ২০২৪ চনৰ জুলাই মাহত সম্পূৰ্ণ ওলোটা হোৱাৱা দেখা গ’ল।হ্ৰাস হোৱাৰ পৰিৱৰ্তে ২৯ লাখ গ্ৰাহক বৃদ্ধি পালে।

সূত্ৰ অনুসৰি চলিত বৰ্ষৰ জুন মাহত বি এছ এন এলে ৭.৪০ লাখ গ্ৰাহক হেৰুৱাইছে। জুলাই মাহত ৰিলায়েন্স জিঅ’, ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়া (Vi)ই ৰিচাৰ্জ প্লেনৰ খৰচ বৃদ্ধি কৰিছিল। সেই সুযোগৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ বিএছএনএলে ফিল্ডত নামিছিল।

ইফালে জুলাই মাহত জিঅ’ই ৭ লাখ গ্ৰাহক হেৰুৱাইছিল। য’ত নেকি জুন মাহত ১৯.১ লাখ বৃদ্ধি পাইছিল। আকৌ জুন মাহত এয়াৰটেলৰ গ্ৰাহকৰ সংখ্যা ১২.৫ লাখ বৃদ্ধি পাইছিল যদিও জুলাই মাহত ১৬.৯ লাখ লোকে এয়াৰটেলৰ চিম এৰিলে। আনহাতে VI ত চলিত বৰ্ষৰ জুন মাহত ৮.৬ লাখ গ্ৰাহক হ্ৰাস পাইছে।

ৰিলায়েন্স জিঅ’ই ৩-৪ জুলাইৰ ভিতৰত ৰিচাৰ্জ টেৰিফ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পিছতে ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াইও ইয়াৰ অনুসৰণ কৰে। জিঅ’ৰ ১২-২৫ শতাংশৰ তুলনাত এয়াৰটেলে সামান্য ব্যৱধানত শুল্ক বৃদ্ধি কৰিছে। এই সিদ্ধান্তই ২জি গ্ৰাহকৰ মাজত প্ৰভাৱ পেলাইছিল। সেয়ে, এতিয়া BSNLৰ অৱস্থা জয় জয় ময় ময়। 

Related News