NORTHEAST NOW (Assamese)

এবছুক সমালোচনা হাগ্ৰামা মহিলাৰীৰ : আজি নহ’লেও কাইলৈ ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণ হ’বই

February 21, 2019 7:06 am · পৰম মেচ
Updated: February 21, 2019 7:18 am
চিৰাঙৰ দলীয় সভাত হাগ্ৰামা মহিলাৰী

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বি পি এফ দলে। চিৰাং জিলাৰ শান্তিপুৰত ২০ ফেব্ৰুৱাৰিত বি পি এফ দলে নিৰ্বাচনী ৰণনীতি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ দলীয় বৈঠক অনুষ্ঠিত কৰে।

দলীয় বৈঠকত অংশগ্ৰহণ কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগকলৈ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে। মহিলাৰীয়ে এবছুৰ সভাপতিজনক সমালোচনা কৰি কয় যে বড়োলেণ্ডৰ আবেগক লৈ প্ৰমোদ বড়োৱে ৰাজনীতি কৰিছে। আজি নহ’লে কাইলৈ অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাবই যিহেতু তেওঁলোক ইয়াৰ বাবে যোগ্য বুলি হাগ্ৰামা মহিলাৰীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

বৈঠকত হাগ্ৰামা মহিলাৰীৰ লগতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰবীন বড়ো, বি পি এফৰ মহিলা নেত্ৰী সুপ্ৰিয়া ব্ৰহ্মও উপস্থিত থাকে।

বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত প্ৰায় ১০০ জন কৰ্মীয়ে বি পি এফ দলত যোগদান কৰে। দলীয় নেতৃত্বৰ তৰফৰ পৰা এই সকল কৰ্মীক বি পি এফ দললৈ  আদৰণি জনাই সম্বৰ্ধনা জ্ঞপন কৰা হয়।

Related News