নটআউট ৫০ ত ৩০ কেজিৰ কেক কাটি হাগ্ৰামাৰ ঘোষণা : কোচ ৰাজবংশীৰ জনজাতিকৰণত আপত্তি নাই বি পি এফৰ

হাগ্ৰামা মহিলাৰীৰ ৫০ বছৰীয়া জন্মদিন উদযাপন

বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰিৰ খৈৰাবাৰীত দলীয় কৰ্মকৰ্তা সকলৰ লগত পঞ্চাশ বছৰীয়া জন্মদিন পালন কৰি কয় যে বি টি চিত থকা কোচ ৰাজবংশীসকলক কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ কৰিলে বি পি এফ দলৰ কোনো আপত্তি নাই।

দলীয় কৰ্মকৰ্তাসকলৰ সৈতে জন্মদিন পালন কৰি হাগ্ৰামা মহিলাৰীয়ে ৩০ কেজি ওজনৰ এটা কেক কাটি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে এখন জনসভাত অংশ গ্ৰহণ কৰি ১৫ বছৰে বি টি চিৰ উন্নয়নৰ বাবে জনসাধাৰণে বি পি এফ দলৰ প্ৰতি বিশ্বাস ৰখা বাবে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, জনসভাত এবছু আৰু অন্যান্য ৰাজনৈতিক প্ৰতিদ্বন্দ্বিক সমালোচনা কৰিবলৈ নাপাহৰি আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলে কোকৰাঝাৰ সমষ্টি পুনৰুদ্ধাৰ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে। এবছুৰ সভাপতি প্ৰমোদ বড়োক সমালোচনা কৰি হাগ্ৰামাই বি টি চিৰ জনসাধাৰণে একমাত্ৰ উন্নয়নহে বিচাৰে বুলি কয়।

জনসভাত হাগ্ৰামা মহিলাৰীয়ে বৰ্তমান সময়ত পৃথক বড়ো ৰাজ্যৰ দাবীক মুৰ্খামি আখ্যা দিয়ে। বি পি এফ দলে সদায় বি টি চিৰ সৰ্বপ্ৰকাৰৰ উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু জনসাধাৰণৰ সমৰ্থনত ভবিষ্যতেও কাম কৰি যাব বুলি উল্লেখ কৰে। আগন্তুক নিৰ্বাচনত কোনোধৰণৰ অবড়ো আবেগে এইবাৰ জনসাধাৰণক মুৰ্খ সজাব নোৱাৰে বুলিও বি টি চি প্ৰধানজনে মন্তব্য কৰে।