বিটিচি নিৰ্বাচন: কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু তামুলপুৰত প্ৰমোদ বড়োৰ মনোনয়ন দাখিল

আজি বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোতে বিটিচি প্ৰধান তথা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত মনোনয়ন দাখল কৰে।

হাজাৰ-হাজাৰ দলীয় কৰ্মী তথা সমৰ্থকক লগত লৈ মহিলাৰীয়ে কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন।

মনোনয়ন দাখিলৰ পিছতেই মহিলাৰীয়ে সাংবাদিকৰ আগত বিটিচিত পুনৰ বি পি এফৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি দৃঢ়তাৰে উল্লেখ কৰে।

তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত বি পি এফৰ মূল প্ৰতিদ্বন্দ্বি য়ু পি পি এল হ’ব বুলিয়ে সাংবাদিকৰ আগত স্বীকাৰ কৰে।

মহিলাৰীৰ উপৰি বি পি এফৰ বনাৰগাঁৱৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম, বাওখুংৰী সমষ্টিৰ দনেশ্বৰ গয়াৰী, ছালাকাটি সমষ্টিৰ দেৰহাছাত বসুমতাৰী আৰু দৰংগাজুলি পৰষদীয় সমষ্টিৰ বিজিৎ গৌৰা নাৰ্জাৰীয়েও আজিৰ দিনটোত মনোনয়ন দাখিল কৰে।

আনহাতে বিটিআৰ চুক্তিৰ পিছত য়ু পি পি এল দলত যোগদান কৰি সভাপতিৰ পদ অলংকৃত কৰা প্ৰমোদ বড়োৱেও আজি দাখিল কৰে মনোনয়ন।

আজি পুৱাই তামুলপুৰ য়ু পি পি এলৰ কাৰ্যালয়ৰ পৰা  কেইবা সহস্ৰাধিক দলীয় কৰ্মীক লগত লৈ তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যলয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে।

২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰমোদ বড়োৰ মনোনয়ন দাখিলৰ সময়ত তেওঁ সৈতে আছিল প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ম আৰু ৰণগৗৰা নাৰ্জাৰী।

মনোনয়ন পত্ৰ দাখিলৰ পিছত প্ৰমোদ বড়োৱে কয় যে বিটিচিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। দুৰ্নীতি-ভ্ৰষ্টাচাৰ অপশাসনৰ পৰা মুক্তি বিচাৰি য়ুপিপিএল দলৰ হাতত বিটিচিৰ শাসনভাৰ অৰ্পণ কৰিবলৈ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘আজি মই মোৰ গৃহ সমষ্টিৰ পৰাই পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ কৰিলো। যদিহে UPPL এ বিটিচি দখল কৰিব পাৰে তেন্তে বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকক সংবিধান প্ৰদত্ত সমমর্যাদা আৰু সমধিকাৰ প্ৰদান কৰা হ’ব’, এইদৰে আশ্বাস দিয়ে প্ৰমোদ বড়োৱে।