চৰকাৰী কাৰ্যালয়গৃহৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰী  আৰু  লাওমস্ৰাও দৈমাৰীৰ

Foundation Stone of Office Building, Economics & Statistics, PHE, Koj Div.No.ii, Kaj & Excise Chirang03.10 (1)

বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কাৰ্যবাহী সদস্য লাওমস্ৰাও দৈমাৰীয়ে ৩ অক্টোবৰত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ উপ সঞ্চালক, কোকৰাঝাৰ মণ্ডল নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু কাজলগাঁওৰ আৱকাৰী তত্বাৱধায়কৰ কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন, অতিৰিক্ত প্ৰধান সচিব ৰবিনছন মোচাহাৰী আৰু আন আন বিশিষ্ট লোকসকল উপস্থিত আছিল।

এই অনুষ্ঠানত বিটিচিৰ প্ৰধান মহিলাৰীয়ে ৩.৩৫ কোটি টকা ব্যয়সাপেক্ষ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ উপ সঞ্চালকৰ কাৰ্যালৰ আধাৰশিলা স্থাপন কৰে। আনহাতে লাওমস্ৰাও দৈমাৰীয়ে ক্ৰমে ৬৭.৫৯,৫০০ লাখ টকা আৰু ১.৫০ কোটি টকা ব্যয়সাপেক্ষ কোকৰাঝাৰ মণ্ডল নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু কাজলগাঁওৰ আৱকাৰী তত্বাৱধায়কৰ কাৰ্যালয়গৃহৰ আধাৰশিলা স্থাপন কৰে।

উল্লখ্য যে এই বিটিচিৰ ষ্টেট ওন প্ৰায়ৰিটী ডেভেলপমেণ্ট (SOPD) আঁচনিৰ অধীনত কাৰ্যালয়সমূহৰ নিৰ্মাণ কাৰ্যসমূহ কৰা হ’ব।

অনুষ্ঠানত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আৰ্থিক অভাৱৰ বাবে বিচটিচিয়ে বিশেষকৈ জিলা আৰু মহকুমা পৰ্যায়ৰ বিভিন্ন বিভাগসমূহক কাৰ্যালয় দিব পৰা নাই। তেওঁ কৈছে যে এই কাম আৰম্ভ কৰা হৈছে আৰু কামখনি অতি গভীৰভাৱে লোৱা গৈছে। তেওঁ লগতে অপস্থিত কৰ্মচাৰীসকলক ৰাজহুৱা স্বাৰ্থৰ কথা মনত ৰাখি কামত নিয়মীয়া আৰু দায়িত্বশীল হ’বলৈ নিৰ্দেশ দিয়ে।

এই অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, গড়কাপ্তানি বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ আৰু আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীও উপস্থিত আছিল।