NORTHEAST NOW (Assamese)

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত : বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী

April 15, 2019 10:20 am · এন ই নাও নিউজ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ কালি অৰ্থাৎ ১৪ এপ্ৰিলৰ দিনা চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতলত প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে। তেওঁৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰী ।

নিৰ্বাচনী প্ৰচাৰত হাগ্ৰামা মহিলাৰীয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োক বেপাৰী আখ্যা দি কয় যে প্ৰমোদ বড়োয়ে জাতীয় সংগঠন এবছুত থাকি জাতিটোক বিক্ৰী কৰি খাইছে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মুকলি বিৰোধিতা কৰা ইউ পি পি এলে অইন কোনো জনগোষ্ঠীৰ ভোট নাপায় বুলি উল্লেখ কৰি হাগ্ৰামাই মাথো বড়ো ভোট লৈ জিকিব নোৱাৰে বুলি দাবী কৰে। লগতে কয় যে প্ৰমোদ বড়ো আৰু এন ডি এফ বিক লগত লৈ কোনোদিনে জিকিব নোৱাৰে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম।

আনহাতে বদৰুদ্দিন আজমল আমাৰ লগতহে আছে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত বুলি দাবী কৰে।

Related News