এসময়ৰ তৰুণ গগৈৰ ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক অতীত ৰোমন্থন কৰালে হাগ্ৰামা মহিলাৰীয়ে

হিমন্ত বিশ্ব আৰু হাগ্ৰামা মহিলাৰী।

কংগ্ৰেছ আৰু তৰুণ গগৈৰ প্ৰসংগত সততে সৰৱ ভূমিকা লৈ থকা ন-বিজেপি নেতা তথা বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আজি অতীত সোঁৱৰাই দিলে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে।

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰসংগত মহিলাৰীয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ আমোলত বিটিচি চুক্তি প্ৰণয়ন আৰু বি টি এ ডিৰ প্ৰতি তেতিয়াৰ চৰকাৰে অৱহেলা কৰাৰ কথা উত্থাপন কৰে। লগতে সেই সময়ত এতিয়াৰ বিজেপিৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যে তেতিয়া তৰুণ গগৈৰ বিশ্বস্ত আছিল সেই কথাও প্ৰসংগলৈ আনে।

মহিলাৰীয়ে কয়, “আমি যি সময়ত যুদ্ধ বিৰতিত থাকি বিটিচি চুক্তি কৰাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰি আছিলো সেই সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আমি বিচৰা ধৰণে চুক্তি কৰিবই বিচৰা নাছিল। তেতিয়া হয়তো প্ৰধান মন্ত্ৰী বাজপেয়ী ডাঙৰীয়াই ধমকি দিলে। তেতিয়াহে তৰুণ গগৈ চুক্তিৰ বাবে দিল্লীলৈ যাবলৈ বাধ্য হ’ল। তেতিয়াতো আমাৰ হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছৰ নেতাই আছিল।”

উল্লেখ্য যে, হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যৰ সময়ত সন্মুখতে বহি ভাষণ শুনি আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হাগ্ৰামাই লগতে কয় যে সেই সময়ত তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৰ্যায়তেই আলোচনা কৰি বিষয়টো শাম কটাবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়াৰ প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ তৎপৰতাতেই ২০০৩ চনত বিটিচি চুক্তি হ’ল আৰু তাৰ পৰৱৰ্তী সময়ত বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হ’ল।

কেৱল ইমানেই নহয়, তৰুণ গগৈৰ তিনিটা কাৰ্যকালৰ ভিতৰত বিটিচিয়ে পৰ্যাপ্ত পুঁজি পোৱা নাছিল বুলি কৈও উপস্থিত হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ কটাক্ষ কৰিলে হাগ্ৰামা মহিলাৰীয়ে।

তেওঁ কয়, “বিটিচি চুক্তি হোৱাৰ পাছতেই কংগ্ৰেছ চৰকাৰ আহিল। তেতিয়া অসমতো কংগ্ৰেছৰ চৰকাৰ, দিল্লীতো কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছৰ কালছোৱাত আমি বিটিচিৰ কাৰণে দুশ কোটি টকাহে পাইছিলো। তেতিয়াতো আকৌ এই দাদাটো (হিমন্ত বিশ্ব শৰ্মা) বিত্ত মন্ত্ৰী।”

অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে কংগ্ৰেছৰ সময়ছোৱাত ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ বিত্ত মন্ত্ৰী নাছিল। কিন্তু তেওঁ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ অতি বিশ্বস্ত যে আছিল সেয়া সৰ্বজনবিদিত।

যিকি নহওক, হাগ্ৰামা মহিলাৰীৰ এই কথাই সোমবাৰৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হাঁহিৰ খোৰাক যোগালে।

মহিলাৰীয়ে ভাষণত কয় যে অতলবিহাৰী বাজপেয়ী প্ৰধান মন্ত্ৰী থকাৰ সময়ত বিটিচিয়ে ৫০০ কোটি টকাৰ পুঁজি লাভ কৰিছিল আৰু একেদৰে এতিয়াৰ বিজেপি চৰকাৰে এহেজাৰ কোটি টকাৰ পুঁজি আগ বঢ়োৱা বুলি জানিবলৈ দিয়ে।