উচ্চস্তৰীয় সমিতি গঠনৰ বাবে গ্ৰহণ কৰা কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক হাগ্ৰামাৰ আদৰণি

বিজেপি, এজিপিৰ সৈতে থাকিব ৰাজনৈতিক মিত্ৰতা

04-05-18 Mushalpur- Hagrama Mohilary address media (2)

আজি ৩ জানুৱাৰি বৃহস্পতিবাৰে অসম চুক্তিৰ ৬ নং দফা বাস্তৱায়িত কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে য়ুনিয়ন কেবিনেটে গ্ৰহণ কৰা  সিদ্ধান্তক বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে  আদৰণি জনাইছে। এই দফাটোত ২০০৩ চনৰ নিষ্পত্তিৰ স্মাৰকপত্ৰ আৰু বড়ো সম্প্ৰদায় সম্পৰ্কীয় বিভিন্ন বিষয় সন্নিবিষ্ট আছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সমিতিখন গঠন কৰাৰ কথা ঘোষণা কৰা হৈছিল বুলি হাগ্ৰামাই জানিবলৈ দিছে। হাগ্ৰামাই কয়, ‘‘এয়া এটা আদৰণীয় সিদ্ধান্ত। অতি কম পক্ষেও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমি আশা কৰোঁ যে কাৰ্যকৰী কৰা হ’ব।’’

কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰি অহা বড়োসকলক জনজাতীয় মৰ্যাদা প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি তেওঁ চৰকাৰলৈ আৱেদন জনায়। তেওঁ কয় ‘‘এয়া বহু দিনীয়া দাবী। মই ভাবোঁ যে চৰকাৰে ইয়ালৈ এবাৰ লক্ষ্য কৰিব।’’

আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰসংগৰে মহিলাৰীয়ে কয় যে তেওঁৰ দলে বিজেপি আৰু এজিপিৰ সৈতে মিত্ৰতা বাহাল ৰাখিব।

এই সুৰতেই সুৰ মিলাই ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে এটা বড়ো সংগ্ৰাহালয় আৰু ভাষা আৰু সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ স্থাপন কৰা, কোকৰাঝাৰত থকা অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনক আধুনিকীকৰণ কৰা আৰু বিটিএডিৰ মাজেৰে পাৰ হৈ যোৱা যি কোনো এখন ছুপাৰফাষ্ট ৰে’লগাড়ীক ‘আৰনাই এক্লপ্ৰেছ’ নামকৰণ কৰা আদি পদক্ষেপ গ্ৰহণ কৰা উচিৎ।

‘‘ইয়াৰ ফলত কম পক্ষেও সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকল অন্ততঃ আমাৰ সংস্কৃতি আৰু পৰম্পৰাসমূহৰ বিষয়ে অৱগত হ’ব পাৰিব।’’ দৈমাৰীয়ে কয়।