আস্থা আৰু বিশ্বাসেৰে শাসনত বহুওৱা বিজেপিয়ে অসমীয়া জাতিক ছুৰী মাৰিলে : নৱ শৰণীয়া

naba_kumar_sarania2

ইন্টাৰনেটৰ পৰা সংগৃহীত

বিটিটিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰ বাক্য বাণেৰে উত্তপ্ত হৈ পৰিছে বড়ো ভূমি। শাসকীয় বি পি এফ আৰু য়ু পি পি এলৰ বাকযুদ্ধ তংগত থকাৰ সময়তে এইবাৰ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিক।

সাংসদ শৰণীয়াই কয়, ‍‘বিজেপি চৰকাৰখনে ৰাজনৈতিক মুনাফা আদায়ৰ স্বার্থত অসমীয়া ৰাইজৰ মৌলিক অধিকাৰ খর্ব কৰিছে’।

কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পার্টিৰ সভাপতি নৱ শৰণীয়াই সোমবৰে টংলাৰ নিকটৱর্তী আমতল গাঁৱত অনুষ্ঠিত বিটিচিৰ ৩৪নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্রার্থী অপ্রতিম বৰাৰ নির্বাচনী সভাত অংশ লৈ এই মন্তব্য কৰে৷

তেওঁ কয় যে বিজেপি চৰকাৰখনে এবছু, বি পি এফ, পি চি ডি আৰ, বড়ো সাহিত্য সভা আদি সংগঠনক সন্তুষ্ট কৰিবলৈ গৈ বি টি এ ডিত অসমীয়া ভাষাক সহযোগী ভাষাৰূপে স্বীকৃতি দি চৰকাৰখনে অসমীয়া ভাষা নিঃশেষ কৰাত হাত উজান দিলে৷

অসমীয়া ৰাইজে বিজেপিক যি আস্থা আৰু বিশ্বাসেৰে শাসনত বহুৱাইছিল, দলটোৱে অসমীয়া ৰাইজৰ সকলো আস্থা, বিশ্বাসক কুঠাৰাঘাত কৰি অসমীয়া জাতিটোক একপ্রকাৰ সন্মুখৰ পৰা ছুৰী মাৰিলে বুলিও সাংসদ গৰাকীয়ে মন্তব্য কৰে৷

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে বিটিচি নিৰ্বাচন স্থগিত হৈ আছে যদিও প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰে আকৰ্ষণীয় ৰূপ লৈছে।