বি টি এ ডি উন্নয়নৰ নামত পৰ্যাপ্ত অনুদান দিয়া নাই বিজেপিয়ে : জগদীশ সৰকাৰ

EM , BTC , Jagadish Sarkar (Left) laid the foundation of the road connecting Mudoibori & Chapai , Mangaldai

বিজেপিৰ ‘সবকা সাথ সবকা বিকাশ’ শ্লোগানৰ ওপৰত নিৰ্ভৰ কৰিয়ে বি পি এফে বিজেপিৰ সৈতে নিৰ্বাচনত মিত্ৰতা কৰিছিল। কিন্তু শাসনভাৰ দখল কৰাৰ দুবছৰ পাছতো বিজেপিয়ে বি টি এ ডি উন্নয়নৰ নামত পৰ্যাপ্ত পৰিমাণৰ অনুদান আগবঢ়োৱা নাই। এই মন্তব্য বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰৰ।

তেওঁ লগতে কয় যে বিজেপিৰ কাৰ্যকলাপৰ বাবে বি টি এ ডিত বাস কৰা লোকসকল এতিয়া চিন্তিত হৈ পৰিছে। কিন্তু অতি শীঘ্ৰে বিজেপি চৰকাৰে বি টি এ ডি উন্নয়নৰ স্বাৰ্থত পৰ্যাপ্ত পৰিমাণৰ অনুদান আগবঢ়াব বুলি আমি এতিয়াও আশাবাদী।

আজি ওদালগুৰি জিলাৰ মুদৈবৰী-চাপাই চক সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জগদীশ সৰকাৰে কয় যে বি পি এফ দলে সদাই বি টি এ ডিৰ উন্নয়নৰ হকে কাম কৰিছে আৰু ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে।

আনহাতে বি পি এফৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে বি পি এফৰ সকলো সদস্য-সদস্যাকে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক লৈ সস্তম হৈ থাকিবলৈ তথা দলৰ ভেটি মজবুট কৰিবলৈ আহ্বান জনায়।