বিপিএফে সোতৰ বছৰে কৰিব নোৱাৰা কাম চাৰি বছৰত কৰি দেখুৱাব প্ৰমোদ বড়োৱে!

দিল্লী, কেৰেলাৰ চৰকাৰী বিদ্যালয়ৰ আৰ্হিত বড়োলেণ্ডত হব শিক্ষাদান

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী সমন্বিতে হাগ্ৰামা এণ্ড কোম্পানীয়ে ইউপিপিএল দলক লক্ষ্য কৰি বিগত কিছুদিন ধৰি দিয়া অভিযোগ সম্পৰ্কীয় মন্তব্যৰ জবাব দিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োৱে।

১০ ফেব্ৰুৱাৰীৰ বিটিচি চুক্তি দিৱসৰ পৰা আৰম্ভ কৰি দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপায়ী, মিছাইল মেন ড°এপিজে আব্দুল কালাম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত দিয়া অপমানসূচক মন্তব্যৰ লগতে উপ-নিৰ্বাচন আৰু বিটিআৰৰ শিক্ষা নীতিৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে বড়োৱে৷

বিটিআৰৰ মুখ্য কাৰ্যৱাহী বড়োৱে শুকুৰবাৰে নিশা বালাগাঁৱস্থিত চিআইটিৰ শিক্ষা সম্পৰ্কীয় এখন মত বিনিময়ৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী, মিছাইল মেন এ পি জে আব্দুল কালাম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিপিএফৰ এগৰাকী নেতাই প্ৰদান কৰা মন্তব্যক গৰিহণা দিয়ে৷

লগতে পঢ়ক: একেটা ক্লাৱতে পিতৃ-পুত্ৰ! মানচেষ্টাৰ ইউনাইটেডৰ হৈ ৭ নম্বৰ জাৰ্ছিৰে নামিব জুনিয়ৰ ক্ৰিশ্চিয়ানো ৰোনাল্ডো

বড়োৰ ভাষ্য তেওঁলোকৰ মন্তব্যৰ পৰাই স্পষ্ট হৈছে তেওঁলোকৰ দল তথা নেতা সকলৰ মানসিকতা।

বিটিচি চুক্তি দিৱসৰ ওপৰত বিটিআৰৰ মুখ্য কাৰ্যৱাহী বড়োৱে কয় যে আমি সকলো চুক্তিক সন্মান কৰোঁ৷ বিএচি, বিটিচি, বিটিআৰ আটাইবোৰ চুক্তি আৰু শ্বহীদক শ্ৰদ্বা, সন্মান জনাওঁ৷ যদি ইউপিপিএল আৰু বিটিআৰ চুক্তিক সমালোচনা কৰিয়েই কিবা হব বুলি সপোন দেখিছে তেন্তে সেয়া ভুল হব৷

তেওঁ লগতে কয় আমি স্পষ্টকৈ জনাই দিছোঁ যে সোতৰ বছৰীয়া শাসনকালছোৱাত কৰিব নোৱাৰা কাম আগন্তুক চাৰি বছৰত বিটিআৰ পৰিষদীয় চৰকাৰে কৰি দেখুৱাব৷ আমাক সমালোচনা কৰাতকৈ কিয় পৰিষদক ধাৰত পুতি থৈ গ’ল হাগ্ৰামা মহিলাৰীয়ে তাৰ স্পষ্টীকৰণ দিয়ক।

বিটিআৰৰ মুখ্য কাৰ্যৱাহী বড়োৱে আৰু কয় যে বিটিআৰত দিল্লী আৰু কেৰেলাৰ চৰকাৰী বিদ্যালয়সমূহৰ দৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি নিয়োগ নিশ্চিত পাঠ্যক্ৰম প্ৰচলনৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০২২ৰ ভিতৰত বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি,আধুনিক তথ্য-প্ৰযুক্তিৰ সকলোবোৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হব বুলি তেওঁ সদৰী কৰে।

লগতে পঢ়ক:বিধ্বংসী কৃষ্ণা-ছিৰাজ; ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰি ৰোহিতৰ নেতৃত্বৰ যাত্ৰা আৰম্ভ

বিটিআৰ অঞ্চলৰ সম্ভাৱ্য উপ-নিৰ্বাচন সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত বড়োৱে নিৰ্বাচন আয়োগৰ সতে বিষয়টোৰ ওপৰত আলোচনা অব্যাহত আছে বুলি জানিব দি কয় যে বিটিআৰতো অতি শীঘ্ৰে উপ-নিৰ্বাচন অনুষ্ঠিত হব৷ তাকে লৈ কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হয় নে কি কৰে তাত কব লগা একো নাই ৷

আচলতে যিসকলে এনে কৰি আছে তেওঁলোকৰ কোনো কাম নথকাৰ বাবেই সময়ে সময়ে ৰাইজৰ মাজত টুলুঙা মন্তব্য প্ৰদান কৰি আহিছে বুলিও কটাক্ষ কৰে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োৱে ৷