NORTHEAST NOW (Assamese)

বড়ো জাতিকলৈ খেলা নকৰিবলৈ আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰক সকিয়ালে গৌৰ্জন মুছাহাৰীয়ে

September 20, 2021 8:54 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
Updated: September 20, 2021 9:07 pm

বিটিআৰত নৱগঠিত ইউএলবি সশস্ত্ৰ উগ্ৰপন্থী দমনৰ নামত নিৰীহ যুৱকক ভুৱা এনকাউন্টাৰ কৰি  হত্যা কৰাৰ ঘটনা সন্দৰ্ভত আজি সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা বিটিআৰ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ নেতা গৌৰ্জন মুছাহাৰীয়ে ৷

কোকৰাঝাৰ কংগ্ৰেছ ভৱনত আজি কংগ্ৰেছী নেতা গৌৰ্জন মুছাহাৰীয়ে এক সংবাদমেল সম্বোধন কৰি ইউএলবিৰ নামত নিৰীহ বড়ো যুৱকক অসম পুলিছে হত্যা কৰাৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি কয় যে ইউ এল বি কোন হয় ?

অসমৰ প্ৰশাসনেই ইউএলবিক জন্ম দিয়া নাইতো বুলি সন্দেহ প্ৰকাশ কৰে তেওঁ৷

লগতে সংবাদমেলত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিঙ পানেছাৰক বড়ো জাতিকলৈ খেলা নকৰিবলৈ সকীয়াই  দিয়ে আৰু দুই নিৰপৰাধীৰ হত্যাকলৈ ক্ষমা খোজাৰ দাবী তোলে কংগ্ৰেছী নেতা গৌৰ্জন মুছাহাৰীয়ে ৷

কোকৰাঝাৰৰ ভূৱা সংঘৰ্ষৰ ঘটনাকলৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই এষাৰো মাত নমতা বুলি অভিযোগ তোলে বিটিআৰ কংগ্ৰেছ দলে ৷

কংগ্ৰেছ যুৱ নেতাগৰাকী  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  মুখত এনকাউন্টাৰ শব্দ  শোভা নাপায় বুলিও কটাক্ষ কৰে ৷

Related News