বিটিআৰত এক হাজাৰ জন দুৰ্নীতিগ্ৰস্ত লোকক জেইলত ভৰোৱাৰ প্ৰক্ৰিয়া চলি আছে। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।
১০০ কোটি টকা ব্যয় সাপেক্ষে আধুনিক তথা আকৰ্ষণীয়কৈ বাক্সা জিলা সদৰ মুছলপুৰ নিৰ্মাণ কৰা হ’ব।
অসমৰ ভিতৰতে এখন আকৰ্ষণীয় চহৰ হিচাপে মুছলপুৰক নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।
এই গুৰুত্বপূৰ্ণ মন্তব্য বিটিআৰৰ মীন তথা পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ।
শনিবাৰে বাক্সা জিলা সদৰ মুছলপুৰস্থ সাংস্কৃতিক ভৱনৰ পুনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লবলৈ আহি সাংবাদিকৰ আগত ৰাকেশ ব্ৰহ্মই কলে-ইতিমধ্যে মুছলপুৰক ৰাজ্যখনৰ ভিতৰতে আকৰ্ষণীয় কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে।
সাংস্কৃতিক ভৱনৰ লগতে অতিথিশালা নিৰ্মাণৰ বাবেও ১০ কোটি টকা ধাৰ্য কৰা কৰা হৈছে।
দুৰ্নীতিৰ প্ৰসংগত ব্ৰহ্মাই কয় – মুছলপুৰ আৰু দিহিৰা সমষ্টিত ৫০ গৰাকী দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে তালিকা প্ৰস্তুত কৰা হৈছে।