বি টি চিৰ শৰৎকালীন দুদিনীয়া অধিৱেশন আৰম্ভ,প্ৰথমবাৰ অংশ ললে বিৰোধী দলে

বি টি আৰ গঠন হোৱাৰ পিচত প্ৰমোদ বড়ো নেতৃত্বধীন মিত্ৰজোঁট চৰকাৰৰ আজি দুদিনীয়া শৰৎকালীন অধিৱেশন আৰম্ভ হয়।

বি টি চিৰ অধিৱেশনত আজি পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলৰ পৰিষদীয় সদস্য সকলে।

অৱশ্যে দলৰ সভাপতি হৈয়ো হাগ্ৰামা মহিলাৰীয়ে চালাকাটি পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য দেৰহাছাৎ বসুমতাৰীক বিৰোধী দলৰ নেতা হিচাপে সদনলৈ পঠিয়াই নিজে অনুপস্থিত থাকে ।

অধিৱেশনত আজি বিৰোধী দলৰ নেতা দেৰহাছাৎ বসুমতাৰী, উপ নেতা ধনেশ্বৰ গয়াৰীসহ পৰিষদীয় সদস্য ক্ৰমে প্ৰকাশ বসুমতাৰী, পানীৰাম ব্ৰহ্ম, জেমছ বসুমতাৰী, হাগ্ৰামাৰ খুলশালী তথা পৰ্বতঝৰা পৰিষদীয় সমষ্টিৰ সদস্য মুনমুন ব্ৰহ্মই অংশগ্ৰহণ । অধিৱেশনৰ প্ৰথম দিনটোত সদনত বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে ” WPT-BC ” (CD) আঁচনিত পুৰ্বৰ চৰকাৰে কৰা ৪৫-৫৩ কোটি টকাৰ দুৰ্নীতিৰ CBI তদন্ত কৰাৰ বিষয়টো উত্থাপন কৰে ।

তেনেদৰে গড়কাপ্তানি,শিক্ষা আৰু বন বিভাগত সংঘটিত দুৰ্নীতিৰ ওপৰতো CID তদন্তৰ প্ৰস্তাৱ উত্থাপন কৰা হয়।

২০০৮ চনৰ পৰা ২০০১৩ চনলৈ সংঘটিত হত্যাকাণ্ডৰ ওপৰতো CBIৰ তদন্ত কৰাৰ বিষয়টোও উত্থাপন হয় সদনত।

সদনত বডোলেণ্ড আন্দোলনত শ্বহীদ হোৱা বি এল টি আৰু এন ডি এফ বি সদস্যৰ আত্মীয়ক যি পাঁচ লাখকৈ আৰ্থিক সাহায্য বি টি আৰ চৰকাৰে দিব তাৰ বাবে মুঠ ৪০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি জনায় প্ৰমোদ বড়োৱে।