সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Budget 2023

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰ এই বাজেটক ‘অমৃত কালৰ প্ৰথমখন বাজেট’ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে এই বাজেটত সেউজকৰণ, যুৱ শক্তি, কৃষক আৰু মহিলাৰ সবলীকৰণক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি বুলিও উল্লেখ কৰিছে।

বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক অধিক ত্বৰান্বিত কৰি ৬.৮ শতাংশলৈ বৃদ্ধি কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। নৰেন্দ্ৰ মোডী চৰকাৰৰ ‘নতুন ভাৰত’ শ্ল’গানেৰে মন্ত্ৰী সীতাৰমণে এইখন অমৃত কালৰ প্ৰথম বাজেট বুলি মন্তব্য কৰে।

বাজেট ভাষণত বিত্তীমন্ত্ৰী সীতাৰমণে কয়, “ভাৰতীয় অৰ্থনীতি সঠিক পথত আগবাঢ়িছে আৰু ভৱিষ্যত যথেষ্ট উজ্জ্বল। বিশ্বমানৰ ডিজিটেল আন্তঃগাঁথনি আৰু সীমান্ত অঞ্চলত সক্ৰিয় ভূমিকাৰ বাবে বিশ্বব্যাপী ভাৰতৰ অৰ্থনীতিৰ বিকাশ বৃদ্ধি পাইছে।”

সীতাৰমণে ভাষণত উল্লেখ কৰা মতে ভাৰতীয় অৰ্থনীতি বিশ্বৰ দশম স্থানৰ পৰা ৫ম স্থানলৈ উন্নীত হৈছে আৰু জনমূৰি আয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে। জি-২০ৰ ৰাষ্ট্ৰসমূহে বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত ভাৰতৰ ভূমিকা শক্তিশালী কৰাৰ অনন্য সুযোগ প্ৰদান কৰিছে বুলি দোহাৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে ভৱিষ্যতবাণী কৰা মতে দেশৰ মধ্যবিত্ত শ্ৰেণীক কৰৰ ক্ষেত্ৰত সকাহ দিয়াৰ চেষ্টা কৰে বিত্তমন্ত্ৰী সীতাৰমণে। বিত্তমন্ত্ৰী গৰাকীয়ে আয়কৰ অৰ্থাৎ নতুন কৰ ব্যৱস্থাৰ অধীনত কৰ হেৰাই ৭ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অৰ্থাৎ ৭ লাখ টকা পৰ্যন্ত আয় কৰা লোকক কোনো কৰ আদায়ৰ পৰা ৰেহাই দিয়া হৈছে।

২০২৪ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাত্ৰ এটা বছৰ থকাৰ পৰিপ্ৰেক্ষিত এই বাজেটক নিৰ্বাচনমুখী বাজেট বুলি ক’ব পাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়ী হোৱাৰ লক্ষ্যৰে বাজেটত কৃষক আৰু গ্ৰাম্যঞ্চালৰ জনসাধাৰণৰ বাবে কল্যাণমূলক কাৰ্যসূচী অন্তর্ভুক্ত কৰা দেখা গৈছে।

ক’ভিদ মহামাৰীয়ে জুৰুলা কৰাৰ পিছত পৰ্যটন খণ্ডৰ বাবে কেতবোৰ উদ্যোগ লোৱা হ’ব বুলিও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে। ৰাজ্যসমূহৰ সক্ৰিয় অংশগ্ৰহণ, চৰকাৰী কাৰ্যসূচীৰ অভিসৰণ আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ সৈতে পৰ্যটনৰ প্ৰসাৰক এক অভিযান হিচাপে গ্ৰহণ কৰা হ’ব বুলি তেওঁ সদৰী কৰিছে।

“ঘৰুৱা লগতে বিদেশী পৰ্যটকৰ বাবেও অপৰিসীম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ভাৰত। দেশত পৰ্যটনৰ বৃহৎ সম্ভাৱনা আছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে এই খণ্ডত সংস্থাপন আৰু উদ্যোগীকৰণৰ বিশাল সুযোগ আছে।”- বিত্তমন্ত্ৰী সীতাৰমণে কয়।

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত সকলো অন্ত্যোদয় আৰু অগ্ৰাধিকাৰ পৰিয়ালক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য যোগান ধৰাৰ বাবে প্ৰায় ২ লাখ কোটি টকাৰ সমগ্ৰ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী সীতাৰমণে।