NORTHEAST NOW (Assamese)

“অবৈধ নিৰ্মাণ হ’লেও বুলড’জাৰ চলোৱা উচিত নহয়”- চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়

September 17, 2024 7:54 pm · এন ই নাও নিউজ, গুৱাহাটী

১ অক্টোবৰৰ পৰৱৰ্তী শুনানিলৈকে দেশৰ কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত প্ৰশাসনে ‘অবৈধ নিৰ্মাণ’ ভাঙি পেলোৱাৰ অজুহাতত বুলড’জাৰ চলাব নোৱাৰে। মঙলবাৰে এই নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। অন্তৱৰ্তীকালীন নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কয় যে, ‘এটা অবৈধ নিৰ্মাণক বুলড’জাৰেৰে ভাঙি পেলোৱা হ’লেও সেয়া আমাৰ সংবিধানৰ মনোভাৱৰ বিৰুদ্ধে হ’ব।

অৱশ্যে চৰকাৰী পথ, জলপথ, ৰে’লপথ বা ফুটপাথ বেদখল কৰি অবৈধ নিৰ্মাণৰ কাম ভাঙি পেলোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি বিচাৰপীঠে কয়। এই নিৰ্দেশনা কেৱল ব্যক্তিগত মাটিত নিৰ্মাণৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

প্ৰসংগক্ৰমে এই অপৰাধ গোচৰত অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ঠেলি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। ২ ছেপ্টেম্বৰত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। কেন্দ্ৰৰ হৈ আদালতত উপস্থিত আছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা। দুজন ন্যায়াধীশৰ বিচাৰপীঠৰ তেওঁক প্ৰশ্ন কৰা হৈছে, “এজনৰ বিৰুদ্ধে অভিযোগ উঠিলে ঘৰ কেনেকৈ ভাঙি পেলোৱা হ’ব? দোষী সাব্যস্ত কৰি ভাঙি পেলাব নোৱাৰি।”

ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেলে কয় যে, “এনে ব্যৱস্থা (বুলডজাৰৰ জৰিয়তে ঘৰ ভাঙি পেলোৱা) তেতিয়াহে লোৱা হয় যেতিয়া কোনো ঘৰ বা গঠন অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বুলি প্ৰমাণ পোৱা যায়।” ন্যায়াধীশ গাভাইয়ে ছলিচিটৰ জেনেৰেলক কয় যে যদি আপুনি ইয়াক গ্ৰহণ কৰে তেন্তে আমি ইয়াৰ ভিত্তিত নিয়ম বনাম। ন্যায়াধীশ বিশ্বনাথনে প্ৰশ্ন উত্থাপন কৰে যে বুলডজাৰেৰে ঘৰ ভাঙি পেলোৱাটো ৰোধ কৰিবলৈ গাইডলাইন কিয় জাৰি কৰা নহ’ব। অধিবক্তাৰ এটা অংশই অনুভৱ কৰে যে উচ্চতম ন্যায়ালয়ে মঙলবাৰে বুলড’জাৰৰ ব্যৱহাৰ বন্ধ কৰি সেই পদক্ষেপৰ ফলপ্ৰসূ সংকেত দিছে।

প্ৰসংগক্ৰমে দেশৰ বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে যে বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিধি-নিয়মক সন্মান নকৰাকৈ অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ঠেলি দিছে। এই গোচৰত এটা নিৰ্দিষ্ট ধৰ্মীয় গোটক লক্ষ্য কৰি লোৱাৰ অভিযোগো উত্থাপন হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশাসনে উত্তৰ প্ৰদেশত এনেধৰণৰ কাৰ্যক লৈ সৰ্বাধিক অভিযোগ উত্থাপন কৰিছে। মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত বুলড’জাৰেৰে অভিযুক্তৰ ঘৰ ভাঙি পেলোৱা হৈছিল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামী চৰকাৰৰো বিৰুদ্ধে একে অভিযোগ আছে।

Related News