গোলাঘাটৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ পৰাই চোৰে উঠাই নিলে বুলেট বাইক

প্ৰতিনিধিত্বমূলক ছবি

গোলাঘাট নগৰৰ সদাব্যস্ত এলেকা কোৰ্ট ৰোডত অৱস্থিত সৰ্বশিক্ষা কাৰ্যালয়ৰ পৰা আজি দিনদুপৰতে এখন বুলেট বাইক চুৰি হোৱা ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি কাৰ্যলয়টোৰ কৰ্মচাৰী তথা কছাৰীহাটৰ যুৱক প্ৰবাল শইকীয়াই আন দিনাৰ দৰে আজিও কাৰ্যালয়ৰ চৌহদত তেওঁৰ মেৰুণ ৰঙৰ এ এছ ০৫ কে-২৫৪৮ নম্বৰৰ বুলেটখন ৰাখি থৈছিল। কিন্তু বিয়লি প্ৰায় তিনি বজাত আকস্মিকভাবে উক্ত স্থানৰ পৰাই বুলেটখন অন্তৰ্ধান হয়।

ঘটনা সন্দৰ্ভত তেওঁ বিষয়টো গোলাঘাট আৰক্ষীক অৱগত কৰিছে যদিও বৰ্তমানলৈকে মটৰচাইকেলখনৰ কোনো সম্ভেদ পোৱা নাই।

উল্লেখযোগ্য যে জিলা উপায়ুক্ত কাৰ্যালয়, জিলা আদালত, বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়কে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ আৰু ব্যস্ত কাৰ্যলয় আৰু নিৰাপত্তাৰক্ষি থকা এলেকাটোত দিনদুপৰতে এনেদৰে চুৰি কাৰ্য হোৱাত সকলোৱে আশ্বৰ্য প্ৰকাশ কৰিছে।

আনহাতে বিগত কিছুদিনৰ পৰা নগৰখনত সঘনাই সংঘটিত বুলেট চুৰি ঘটনাই আৰক্ষীক অস্তিত্বহীন কৰি তোলাৰ লগতে বুলেটৰ গৰাকীসকলক বাৰুকৈয়ে বিপাঙত পেলাইছে।