NORTHEAST NOW (Assamese)

ভোটাৰলৈ ‘বাম্পাৰ অফাৰ’! ভোট দিলেই লাভ কৰিব আইচক্ৰীম,জেলেপী আৰু চাওমিন

April 24, 2024 5:19 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ অন্ত পৰিল। অহা শুকুৰবাৰে দ্বিতীয় ৰাউণ্ডৰ ভোটগ্ৰহণ। মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা প্ৰশাসনে ভোটগ্ৰহণৰ সময়ত ভোটাৰক বিশেষ ‘পুৰস্কাৰ’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰক পুৱা ভোট দিবলৈ যাওঁতে আইচক্ৰীম দিয়া হ’ব৷তাকো বিনামূলীয়া। খাদ্যৰ তালিকাত পোহা, জেলেপীৰ লগতে চাওমিন, মানচুৰিয়ান আদিও আছে। কিন্তু বিনামূলীয়া খাদ্য লাভৰ বাবে বিশেষ চৰ্ত আছে।

ইন্দোৰ, মধ্যপ্ৰদেশত ১৩ মে’ত ভোটদান কৰিব। এই তালিকাত আছে ২৫.১৩ লাখ ভোটাৰৰ নাম। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ইন্দোৰ লোকসভা সমষ্টিৰ পৰা ৬৯ শতাংশ লোকে ভোটদান কৰিছিল। এইবাৰ ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে বিশেষ উপহাৰ।

জিলা দণ্ডাধীশ আশীষ সিঙে জনোৱা মতে, পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ৬০ বছৰৰ ওপৰৰ প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰা প্ৰাৰ্থীক বিনামূলীয়াকৈ চিৰাৰ ব্যঞ্জন পোহা আৰু জেলেপী দিয়া হ’ব। এই ‘পুৰস্কাৰ’ ইন্দোৰৰ যিকোনো খাদ্যৰ দোকানত উপলব্ধ। ভোটদানৰ পিছত চিয়াঁহীৰ চিন দেখুৱালে ভোটাৰক বিনামূলীয়াকৈ খাদ্য দিয়া হ’ব।

ইয়াৰ বাহিৰেও পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ভোটদান কৰা যিকোনো ভোটাৰক বিনামূলীয়াকৈ চাওমিন আৰু মানচুৰিয়ান দিয়া হ’ব।

Related News