বুম বুম বুমৰাহ : হেট্ৰিকসহ অভিলেখেৰে তচনচ কৰিলে ৱেষ্টইণ্ডিজৰ বেটিং লাইন আপ

bumrah-main-759

ফটো : উৎস ইন্টাৰনেট

ৱেষ্টইণ্ডিজৰ চাবিনা পাৰ্কত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে খেলা দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহে ৱেষ্টইণ্ডিজৰ বেটিং লাইন আপ তচনচ কৰি দিয়ে।

বুমৰাহে টেষ্ট ক্ৰিকেটত নিজৰ প্ৰথমটো হেট্ৰিক কৰে। এইক্ষেত্ৰত তেওঁ হ’ল তৃতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ।

ইয়াৰ পূৰ্বে ভাৰতৰ হৰভজন সিং আৰু ইৰাফান পাঠানে টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

খেলখনৰ দ্বিতীয় দিনা ভাৰতৰ প্ৰথম ইনিংছৰ ৪১৬ ৰাণৰ স্কোৰ অনুসৰণ কৰিবলৈ ক্ৰীজত নামি ৱেষ্টইণ্ডিজৰ দলটো বুমৰাহৰ সন্মুখত প্ৰায় অসহায় হৈ পৰে।

য়ৰ্কাৰ সম্ৰাট গৰাকীয়ে পঞ্চমবাৰৰ বাবে ৫টা উইকেট দখল কৰে। ১২.৫ অ’ভাৰত ৱেষ্টইণ্ডিজৰ স্কোৰ মাত্ৰ ২২/৫ হয়গৈ।

বুমৰাহে ছয় নম্বৰ অ’ভাৰত অপেনাৰ ক্ৰেইগ ব্ৰেথৱেইটক ১০ ৰাণত আউট কৰে। এইদৰে তেওঁ আটাইকৈ দ্ৰুত (৫.৫ অ’ভাৰত) ৫টা উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে বুমৰাহে চতুৰ্থ অ’ভাৰতে ডেৰেন ব্ৰেভ’, ছেমৰ ব্ৰুকছ আৰু ৰোষ্টন চেছক আউট কৰি হেট্ৰিক অৰ্জন কৰে।

তদুপৰি. ইয়াৰ পূৰ্বৰ অ’ভাৰটোতে যশপ্ৰীতে জন কেম্পবেলক পেভেলিয়নলৈ পঠাইছিল।

দিনটোৰ খেল সামৰণি পৰাৰ সময়ত বুমৰাহে ৯.১ অ’ভাৰ বলিং কৰি ১৬ ৰাণৰ বিনিময়ত ৬টা উইকেট দখল কৰে।

বুমৰাহৰ এই অ’ভাৰকেইটাৰ মাজত ৩টা মেইডেন অ’ভাৰো আছে। মেচখনত ৱেষ্টইণ্ডিজে ইতিমধ্যে ৭টা উইকেট হেৰুৱাই মাত্ৰ ৮৭ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ভাৰতে প্ৰথম ইনিংছত ৪১৬ ৰাণ সংগ্ৰহ কৰে। হনুমা বিহাৰীয়ে সৰ্বাধিক অপৰাজিত ১১১ ৰাণ কৰে। এইটো তেওঁৰ টেষ্ট জীৱনৰ প্ৰথমটো শতৰাণ।

ইশান্ত শৰ্মা আৰু বিহাৰীয়ে মিল অষ্টম উইকেটৰ যুটীত ১১২ ৰাণ সংগ্ৰহ কৰে। ইশান্তে তেওঁৰ প্ৰথমটো অৰ্দ্ধশতক অৰ্জন কৰে। তেওঁ ৮০টা বলত ৭টা বাউণ্ডেৰীৰ সহায়ত ৫৭ৰাণ সংগ্ৰহ কৰে।

আনহাতে, বিহাৰীয়ে ২২৫ টা বলত ১৬টা বাউণ্ডেৰীৰ সহায়ত ১১১ ৰাণ সংগ্ৰহ কৰে। তদুপৰি, ইয়াৰ পূৰ্বে অধিনায়ক বিৰাট কোহলীয়ে ৭৬ আৰু মায়ংক আগৰৱালে ৫৫ৰাণৰ ইনিংছ খেলে।

ৱেষ্টইণ্ডিজৰ হৈ জেছন হ’ল্ডাৰে ৫টা উইকেট দখল কৰে। ৰখিম কোৰ্ণৱালে ৩টা উইকেট দখল কৰাৰ বিপৰীতে কেম’ৰ ৰোচ আৰু ক্ৰেইগ ব্ৰেথৱেইটে এটাকৈ উইকেট লয়।