শিৱসাগৰ নগৰত এতিয়া নিশা হ’লেই চোৰৰ ভয়; অসহায় আৰক্ষী

শেহতীয়াভাৱে শিৱসাগৰ নগৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ চকুৰ সন্মুখতেই নগৰখনত সংঘটিত হৈছে নিতৌ ইটোৰ পিছত সিটো চুৰিকাণ্ড।

সোমবাৰে নিশা ফুকন নগৰ নামঘৰত সংঘটিত হ’ল এক চুৰি কাৰ্য। চোৰে নামঘৰৰ দৰ্জাৰ তলা ভাঙি দানপাত্ৰৰ পৰা নগদ ধন চুৰি কৰি নিয়ে।

ইয়াৰ পূৰ্বে যোৱা দেওবাৰৰ নিশা চহৰৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মুখত থকা ট্ৰেইলাৰিং প্ৰশিক্ষণ প্ৰতিষ্ঠান এখনৰ পৰা সাতটাকৈ চিলাই মেচিন চুৰি কৰি নিয়ে চোৰৰ দলে।

একেটা স্থানতে থকা আন এখন ট্ৰেইলাৰিঙৰ দোকানৰ পৰা ১৫ আগষ্টৰ নিশা ৫ টা চিলাই মেচিন চুৰি কৰা হৈছিল।

দেওবাৰৰ ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীয়ে চহৰৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ৩০গৰাকী শিশু- কিশোৰক আটক কৰিছিল আৰু তাৰে দুজনমানৰ স্বীকাৰোক্তিৰ ভিত্তিত ষ্টেশ্যন চাৰিআলিৰ দোকান এখনৰ পৰা চিলাই মেচিনসমূহ উদ্ধাৰ কৰে।

আনহাতে চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ মাজতে যোৱা নিশা পুনৰ ফুকন নগৰ নামঘৰত চুৰি কাৰ্যৰ ঘটনাই শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাকে বুজাইছে।

দেওবাৰে নিশা চহৰৰ শংকৰমন্দিৰ পথত থকা শংকৰদেৱ সমাজ নামঘৰৰ খিড়িকি ভাঙি চোৰে বানবাতি, ভোৰতাল আদিকে ধৰি বিভিন্ন সামগ্ৰী লুট-পাট কৰে। নামঘৰ সমিতিয়ে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই।

কিছুদিন পূৰ্বে বৰ্ডিং ৰোডৰ পৰা ইণ্ডিয়ান অভাৰচীজ বেংকৰ এ টি এম মেচিন এটা উঠাই নিয়াৰ লগতে মেটেকাৰ দুটা নামঘৰত একে ৰাতিতে চোৰে লুট-পাত চলায়।

উল্লেখযোগ্য যে চহৰখনত ৰাতি আৰক্ষীয়ে তহল দিয়াৰ লগতে গাওঁৰক্ষী বাহিনীৰ জোৱানেও তহল দি থকা অৱস্থাত কেনেদৰে চোৰে ইমান উপদ্ৰৱ চলাব পাৰিছে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।