কোভিড আক্ৰান্ত বশিষ্ঠ শৰ্মাক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ স্থানান্তৰ

Barpeta-Satra-Basisth-750x375

সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা।

শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক তথা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা কোভিড আক্ৰান্ত বাবে আজি তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ স্থানান্তৰ কৰা হৈছে ৷

উল্লেখ্য যে, বুঢ়াসত্ৰীয়া গৰাকীৰ দেহত বুধবাৰে কোভিড-১৯ পজিটিভ পোৱাত বুধবাৰেই তেওঁক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল ৷

পূৰ্বৰে পৰা তেওঁ হৃদৰোগত আক্ৰান্ত বাবে হঠাৎ কাৰ্ডিঅ’ চিকিৎসকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বুঢ়াসত্ৰীয়াগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷

সম্প্ৰতি বুঢ়াসত্ৰীয়া গৰাকীৰ স্বাস্থ্যৰ অৱস্থা ভাল বুলি জানিব পৰা গৈছে ৷

বুঢ়াসত্ৰীয়া গৰাকী বাপজনাৰ দ্ৰুত আৰোগ্য কামনা কৰিছে বৰপেটা জিলাবাসীয়ে ৷