NORTHEAST NOW (Assamese)

নিশা শুই থকা অৱস্থাতে জ্বলি ছাই হ’ল এগৰাকী যুৱক

February 19, 2020 2:23 pm · কল্পজ্যোতি শইকীয়া
Updated: February 19, 2020 7:58 pm
অগ্নিদগ্ধ বিচনাখনৰ সৈতে যুৱকজন, ফ'টো নৰ্থ-ইষ্ট নিউজ নাউ

মহানগৰীৰত সংঘঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

নিশা শুই থকা অৱস্থাতে জ্বলি ছাই হ’ল এগৰাকী যুৱক। বিচনাৰ সৈতে জ্বলি চাই হ’ল যুৱকজন।

যুৱকজনৰ নাম বিশ্বজিৎ বৰ্মা (৩৫) জানিব পৰা গৈছে। পিতৃৰ নাম প্ৰতাপ বৰ্মা আৰু ঘৰ গুৱাহাটীৰ ডাউন টাউনৰ দ্বাৰকা নগৰত।

গুৱাহাটীৰ ডাউন টাউনৰ দ্বাৰকা নগৰ নং ১২ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

তামিলনাডুৰ পৰা টেক্সতাইলত বি টেক শিক্ষা লাভ কৰিছিল উচ্চশিক্ষিত যুৱকজনে। প্ৰায় ৬ মাহ পূৰ্বে গুৱাহাটীলৈ আহিছিল যুৱকজন।

শৰীৰৰ প্ৰায় ৮০ শতাংশ জ্বলি গৈছে যুৱকজনৰ।

পুৱা পৰিয়ালৰ লোকে দিছপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয়হি আৰক্ষী।

বৰ্তমান আহি উপস্থিত হৈছেহি ফৰেণ্সিকৰ এটা দল।

বৰ্তমান পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে যদিও বাতিৰ লিখা সময়ৈলেকে আৰক্ষীয়ে উদ্ধাৰ কৰা হোৱা নাই মৃতদেহটো।

যুৱকজনে অত্যাধিক সুৰাপান কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। যুৱকজনৰ ৰুমত থকা টেবুলত দেখা পোৱা গৈছে প্ৰায় ১৫ টা সুৰাৰ বটল আৰু চিগাৰেটৰ পেকেট।

নিশালৈকে বিশ্বজিৎৰ ৰুমত সুৰাৰ পাৰ্টি চলা বুলি সন্দেহ আৰক্ষীৰ।

বৰ্তমানো সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related News