আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে আজি ছত্তীশগড়ত এক দলীয় সভাত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ এই সভা উপলক্ষে সভাস্থলীত উপস্থিত কৰোৱা হৈছে দলীয় কৰ্মীসকলক। কিন্তু মোদীৰ এই সভালৈ যাত্ৰা কৰাৰ অৱস্থাতে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত পতিত হৈছে বিজেপি কৰ্মী ভৰ্তি এখন বাছ। মোদীৰ সভালৈ বিজেপি কৰ্মীসকলক কঢ়িয়াই নিয়া এই বাছখনে বিলাসপুৰ জিলাত পথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত দুগৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী আহত হয়।
বাছখনে বিজেপিৰ ৪৭ জন কৰ্মীক লৈ অম্বিকাপুৰৰ পৰা যাত্ৰা কৰিছিল। বাছখন কোৰবা জিলা পাৰ হৈ বিলাসপুৰ জিলাৰ বেলতৰাত উপস্থিত হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।
প্ৰকাশিত খবৰ অনুসৰি, যাত্ৰীবাহী বাছখনৰ চালকগৰাকীয়ে বাছখন চলাই থকাৰ সময়তে টোপনি যোৱাৰ ফলত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। নিয়ন্ত্ৰণহীন বাছখনে অতৰ্কিতে পথৰ কাষত ৰখাই থোৱা ট্ৰেইলাৰখনত খুন্দা মাৰে।
দুৰ্ঘটনাটোত দুগৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন ১২ গৰাকী যাত্ৰী আহত হয়। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকলে লগে লগে আৰক্ষীক খবৰ দিয়ে।
ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত লোকসকল বৰ্তমান এপল’ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে।