হাজোৰ চটলাবৰীত ডিঙি চেপি হত্যাৰ চেষ্টা ব্যৱসায়ীক, লুটি লৈ গ’ল নগদ ধন

আক্ৰমণৰ বলি হোৱা লোকজন

হাজোৰ চটলাবৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । ডকাইতৰূপী দুৰ্বৃত্তৰ আক্ৰমণত ধাৰাশায়ী হৈছে এজন লোক। মুখত কাপোৰ মেৰিয়াই দুৰ্বৃত্তই ডিঙি চেপি হত্যাৰ চেষ্টা চলালে ৰহিম বাদচাহ নামৰ লোকজনক।

প্ৰাপ্ত তথ্য অনুসৰি, অইন দিনাৰ দৰে ৰহিমে মংগলবাৰে নিশাৰ ভাগত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি মটৰ চাইকেলেৰে উভতিছিল নিজ ঘৰলৈ।

কিন্তু ঘৰলৈ ওভতাৰ সময়তে আদ বাটত মাক্স পৰিহিত এজন যুৱকে আগচি ধৰি ৰহিম বাদচাহক কিছু আগলৈ যোৱাৰ চলেৰে সহায় বিচাৰে । বিনা সংকোচে যুৱকজনক মটৰ চাইকেলত উঠাই কিছু দূৰ অহাৰ পিছত ৰহিম বাদচাহক মটৰ চাইকেলখল ৰখাব কৈ মুখত কাপোৰ মেৰিয়াই ৰহিমক উপৰ্যুপৰি প্ৰহাৰ কৰে দুৰ্বৃত্তটোই।

লগতে ডিঙি চেপি হত্যাৰ চেষ্টা চলাই ৰহিম বাদচাহক। কেবল হত্যাৰ চেষ্টা চলোৱাই নহয়, দুৰ্বৃত্তটোই কাঢ়ি লৈ যায় ৰহিমৰ লগত থকা নগদ ৩৫ হাজাৰকৈ টকাও।

এই ঘটনাত ৰহিমৰ চিৎকাৰ শুনি ভিৰ কৰে স্থানীয় ৰাইজ। আৰু স্থানীয় লোকৰ তৎপৰতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে লোকজনৰ।

এই ডকাইতিৰ ঘটনা সংঘটিত কৰা হাজোৰ গেন্ধেলীটাৰীৰ চৰোৱাৰউদ্দিন নামৰ দুৰ্বৃত্তটোক চিনাক্ত কৰি ৰামদিয়া আৰক্ষী চকীত দাখিল কৰা হৈছে এখন এজাহাৰ।

ৰামদিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । হাজোৰ চটলাবৰীত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হাজোত।