আৰক্ষীৰ ক্ষমতাক ভেঙুচালি; জাগীৰোডত থানাৰ মাটিকে বেদখল

201808251553385038_One

প্ৰতিনিধিত্বমূলক ফটো

বীৰদৰ্পে উচ্ছেদ অভিযান চলাই সাধাৰণ মানুহৰ ঘৰ-দুৱাৰ মুহূৰ্তৰ ভিতৰতে চূৰমাৰ কৰা আৰক্ষীৰ ক্ষমতাক ভেঙুচালি কৰি আৰক্ষী থানাৰ মাটিকে বেদখল কৰাৰ ঘটনা এটাই জাগীৰোড চহৰক জোকাৰি গৈছে।

জানিব পৰামতে, স্থানীয় এজন অনা-অসমীয়া ব্যৱসায়ীয়ে জাগীৰোড আৰক্ষী নিৱেশৰ মাটি বেদখল কৰি তাত অবৈধভাৱ এটা তিনি মহলীয়া অট্টালিকা নিৰ্মাণ কৰি লৈছে। মাৰোৱাৰী সম্প্ৰদায়ৰ এই ব্যৱসায়ীজনে কেনেকৈ আৰক্ষী থানাৰ মাটি বেদখল কৰি তাত নিয়মবহিৰ্ভূতভাৱে অট্টালিকা নিৰ্মাণ কৰিবলৈ সাহস কৰিলে বা তাৰ পিছতো কিয় আৰক্ষীয়ে চকু মুদি বহি আছে, সেই লৈ স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ইতিমধ্যে স্থানীয় দল-সংগঠন অভিযোগ আৰু প্ৰতিবাদৰ পিছত মায়ং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ে আৰক্ষী নিৱেশৰ মাটিৰ এটা জোখ-মাপ অভিযান চলায়। তেতিয়া এই অবৈধ দখলৰ কথাটো সত্য প্ৰমাণ হৈ যায়। কিন্তু তাৰ পিছতো আৰক্ষী থানাৰ কৰ্তৃপক্ষই একো ব্যৱস্থা লোৱা নাই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে।

স্থানীয় ৰাইজ আৰু জাগীৰোড কৃষক মুক্তিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক এই মায়ং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ জোখ-মাপৰ পিছত ৰাজহ বিভাগৰ তথ্যৰ ভিত্তিত অবৈধ দখলকাৰী ব্যৱসায়ীজন আৰু ইয়াৰ সৈতে জড়িত আনসকলৰ বিৰুদ্ধে শীৰ্ঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।