অসমৰ লগতে উত্তৰ-পূবত নতুনকৈ স্থাপন হ’ব লগীয়া ৭৮১টা তেল ডিপোৰ নিবিদাত নিবনুৱাৰ লগতে ব্যৱসায়ী সকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ তিনিচুকীয়া সংমণ্ডলে। ১১ ডিচেম্বৰত শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ হোটেলত অনুষ্ঠিত কৰা এখন সংবাদমেলত প্ৰতিষ্ঠানটোৰ সহকাৰী প্ৰৱন্ধক চন্দ্ৰসেশৰ বুঢ়াগোঁহাই আৰু উপ-মহা প্ৰৱন্ধক এম কে পেগুৱে এই কথা ব্যক্ত কৰে।
বিষয়া দুগৰাকীয়ে কয়, সমগ্ৰ দেশতে বছৰি বছৰি পেট্ৰ’ল আৰু ডিজেলৰ চাহিদা বৃদ্ধি পাই আহিছে। সমীক্ষা অনুসৰি পেট্ৰলৰ চাহিদা ৮ শতাংশ আৰু ডিজেলৰ চাহিদা ৪ শতাংশ বৃদ্ধি পাইছে। সেই বাবে ভাৰত ৰাষ্ট্ৰই পাম্পৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
২০১৪ চনৰ পিছত এইবাৰ বৃহৎ পৰিমাণৰ ডিপোৰ বাবে মুকলি ভাৱে নিবিদাৰ আহ্বান কৰা হৈছে। সমগ্ৰ ভাৰতত ৫৬ হাজাৰ ডিপো স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰে ৩১ হাজাৰ আই অ’ চি ৰ অধীনৰ। পূৰ্বতে নিবিদাৰ প্ৰক্ৰিয়া অতি জটিল আছিল যদিও এইবাৰ তেনে জটিল চৰ্ত প্ৰত্যাহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিষয়াদ্বয়ে।
দেশৰ ৫৬ হাজাৰ ডিপোৰ ভিতৰত উত্তৰ-পূবত স্থাপন হ’ব ৭৮১ টা। ইয়াৰে ৪৬২ টা অসমৰ। এই ৪৬২ টা ডিপোৰ ভিতৰত ৬১ টা ডিব্ৰুগড় চেলচ এৰিয়াৰ অন্তৰ্গত। ডিব্ৰুগড় চেলচ এৰিয়াই সামৰি লোৱা জিলা কেইখন হল ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু নাগালেণ্ডৰ মন জিলা।
বিষয়া দুগৰাকীয়ে জনোৱা মতে এইবাৰ নিবিদাত অংশগ্ৰহণ কৰিবৰ বাবে দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা ব্যক্তিয়েও অংশ ল’ব পাৰিব। লগতে নিবনুৱা আৰু ব্যৱসায়ী সকলকো এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আনহাতে চহৰ এলেকাত এটা মাহৰ ভিতৰত ১০০ কে এল অৰ্থাৎ ১০০ কিলো লিটাৰ তেল বিক্ৰী কৰিব পৰা সম্ভাৱনা থকা স্থানত তেল ডিপো প্ৰদান কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ১৫০ কে এল আৰু অন্য ঠাইত ৪৮ কে এল তেল বিক্ৰী কৰিব পৰা সম্ভাৱনা থাকিলেই তেল ডিপো প্ৰদান কৰা হ’ব বুলি বিষয়াদ্বয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ১১ ডিচেম্বৰত আই অ’ চি কৰ্তৃপক্ষই সংবাদমেলৰ জৰিয়তে তেল ডিপোৰ লাইচেন্স বা মালিক হ’বৰ বাবে নিবনুৱাসকলকো নিবিদা জমা দিবলৈ আহ্বান জনাইছে যদিও এটা তেল ডিপো খুলি ব্যৱসায় কৰিবলৈ যি পৰিমানৰ মূল ধনৰ প্ৰয়োজন হয় সেইটো সাধাৰণ নিবনুৱাৰ সামৰ্থৰ ভিতৰত নাথাকে।