NORTHEAST NOW (Assamese)

“বিদেশী গৰুৰ গাখীৰ খোৱাৰ ফলত মহিলাসকলৰ শৰীৰ বেলুনৰ দৰে ফুলি গৈছে !” কোনে ক’লে?

March 25, 2021 11:20 am · এন ই নাও নিউজ

তামিলনাডুৰ বিৰোধী দল ডি.এম.কে.ৰ এগৰাকী নেতাই তেওঁৰ শেহতীয়া এটা মন্তব্যৰ বাবে গৰিহণাৰ সম্মুখীন হৈছে।

দিনদিগুল আই লিয়নি নামৰ নেতাগৰাকীয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন উপলক্ষে কইম্বাটোৰৰ এটা কেম্পেইন ৰেলীত লিংগবৈষম্যমূলক মন্তব্য প্ৰদান কৰিছিল।

”নাৰীয়ে তেওঁলোকৰ শৰীৰৰ গঠন হেৰুৱাই পেলাইছে, বিদেশী গৰুৰ গাখীৰ খোৱাৰ ফলত তেওঁলোকৰ ওজন বাঢ়ি গৈছে।”- নেতাগৰাকীয়ে এইদৰে কৈছিল।

মন্তব্যটোৰ ভিডিঅ’ ক্লিপটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত দেখা যায় যে নেতাগৰাকীৰ এই মন্তব্যটোৰ পাছতে তাত উপস্থিত  থকা লোকসকলে হাঁহি হাঁহি হাত চাপৰি বজায়।

ৰাজ্যখনৰ থণ্ডামুথুৰ সমষ্টিৰ ডিএমকে প্ৰাৰ্থী কাৰ্থিকেয় শিৱসেনাপতিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ তেওঁ এইদৰে মন্তব্য কৰে।

ডিএমকে প্ৰাৰ্থী শিৱসেনাপতি ‘সেনাপতি কাংগায়াম কেটল ৰিচাৰ্ছ ফাউণ্ডেছন’ (এছ.কে.চি.আৰ.এফ.) নামৰ এন.জি.অ’.টোৰ এগৰাকী পৰিচালক।

এন.জি.অ’.টোৱে থলুৱা গৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে।

ডিএমকেৰ প্ৰপাগাণ্ডা সচিবৰ পদবীত থকা দিনদিগুল আই লিয়নিয়ে কয় যে বিদেশী গৰুৰ গাখীৰ খোৱাৰ ফলত মহিলাসকলৰ শৰীৰ বেলুনৰ দৰে ফুলি গৈছে।

তেওঁ কয় যে পূৰ্বতে নাৰীৰ শৰীৰৰ গঠন দেখিবলৈ ইংৰাজী সংখ্যা 8 (আঠ)-ৰ দৰে আছিল, কিন্তু এতিয়া বিদেশী গৰুৰ গাখীৰ খোৱাৰ ফলত দেখিবলৈ এটা চুঙাৰ দৰে হ’ল।

সামাজিক মাধ্যমত তেওঁৰ আপত্তিজনক মন্তব্যটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে নেটিজেনসকলে ডিএমকেৰ মহিলা মৰ্চাৰ নেতা আৰু সাংসদ কানিমঝিক নেতাজনৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

Related News