• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ-নিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ, উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 26, 2022 7:31 pm
উপ-নিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ, উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কেইবাখনো ৰাজ্যত ১০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপনাৰ্বাচনত শেষ হাঁহি মাৰিছে বিজেপিয়ে। ১০ খন আসনৰ ৫ খনেই হস্তগত কৰি বিজেপিয়ে বৃহৎ বিজয়ৰ সোৱাদ লভিবলৈ সক্ষম হৈছে।

নিবনুৱা সমস্যা, অসহিষ্ণুতা, মূল্যবৃদ্ধি, অগ্নিবীৰৰ দৰে বিষয় সমূহক অস্ৰ হিচাবে লৈয়ে উপ নিৰ্বাচনত যেন মুখ থেকেচা খালে বিৰোধীয়ে।

দেশৰ মুঠ ১০ টা উপ-নিৰ্বাচন সমষ্টিৰ ভিতৰত পাঁচখনেই বিজেপিৰ হাতলৈ গৈছে । কংগ্ৰেছে দুখন আসন জিকিছে। আম আদমী পাৰ্টি, শিৰোমণি অকালি দল (অমৃতসৰ) আৰু ৱাইএছআৰ কংগ্ৰেছে এখনকৈ আসন লাভ কৰিছে। যি দুখন ৰাজ্যত জয় লাভ কৰাটো বিজেপিৰ বাবে এক সন্মানৰ বিষয় আছিল, দুয়োখন ৰাজ্যতে গেৰুৱা শিবিৰে জয়লাভ কৰিছে।

উপ-নিৰ্বাচন হোৱা তিনিখন লোকসভা আসন হৈছে উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু আজমগড়, আৰু পঞ্জাৱৰ চাংৰুৰ। ইফালে, সাতখন বিধানসভা আসন হৈছে দিল্লীৰ ৰাজিন্দৰ নগৰ, ঝাৰখণ্ডৰ মান্দাৰ, অন্ধ্ৰ প্ৰদেশৰ আত্মাকুৰ আৰু ত্ৰিপুৰাৰ আগৰতলা, টাউন বৰদোৱালী, সুৰমা আৰু যুৱৰাজনগৰ।

ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিৰ তিনিটাতে বিজেপিয়ে জয়লাভ কৰিছে। ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী মানিক সাহাই প্ৰথমবাৰৰ বাবে টাউন বৰদোৱালী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ কংগ্ৰেছৰ আশীষ সাহাক ৬,০০০ তকৈও অধিক ভোটত পৰাজিত কৰিছে।

৩০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চিপিএমৰ প্ৰাৰ্থী যুৱৰাজ নগৰত পৰাজিত হৈছে। বিজেপিয়ে ত্ৰিপুৰাৰ সুৰমা সমষ্টিত বৃহৎ ব্যৱধানত জয়ী হৈছে। এই সমষ্টিৰ দ্বিতীয় স্থানত থকা প্ৰাৰ্থীগৰাকী হৈছে কংগ্ৰেছ আৰু টিপ্ৰা মাথা সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী। অৱশ্যে ত্ৰিপুৰাত বিজেপিয়ে তিনিখন আসনত সহজ জয় সাৱস্ত্য কৰিলেও আগৰতলা সমষ্টিটো বিজেপি হাতলৈ যোৱাৰ পৰিৱৰ্তে কংগ্ৰেছৰ সুদীপ ৰয়বৰ্মনে সেই সমষ্টিটোত জয়লাভ কৰিছে।

ত্ৰিপুৰাৰ লগতে, উত্তৰ প্ৰদেশতো বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিছে। বিজেপিয়ে অখিলেশ যাদৱৰ দুৰ্গত আঘাত হানি উত্তৰ প্ৰদেশৰ দুয়োখন লোকসভা আসন দখল কৰিছে । এই দুয়োখন আসন সমাজবাদী পাৰ্টিৰ দুৰ্গ হিচাপে পৰিচিত আছিল। সেই দুখন আসনৰ ভিতৰত এখন হৈছে আজমগড় । য’ৰ পৰা ২০১৯ চনত অখিলেশ যাদৱে নিজেই সাংসদ নিৰ্বাচিত হৈছিল। আনজন সাংসদ হৈছে দলটোৰ হেভিৱেট নেতা আজম খান। এই দুয়োখন আসন উপনিৰ্বাচনত বিজেপিৰ হাতলৈ যায়। বিজেপিৰ ঘনশ্যাম সিং সোধি ৰামপুৰৰ পৰা বিজয়ী হোৱাটো নিশ্চিত হৈছে। আজমগড়ত বিজেপিৰ দিনেশ লাল যাদৱ বা ‘নিৰাহুয়া’ ই জয়লাভ কৰাৰ খবৰ আহিছে।

আন উপনিৰ্বাচন বোৰৰ ভিতৰত, আটাইতকৈ অপ্ৰত্যাশিত ফলাফল দেখা গৈছে পঞ্জাৱত। সংগ্ৰাম লোকসভা সমষ্টিত আম আদমী পাৰ্টি পৰাজিত হৈছে।

শিৰোমণি অকালি দলৰ অমৃতসৰৰ প্ৰাৰ্থীয়ে আপৰ প্ৰাৰ্থীক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছে। বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ কেন্দ্ৰত শাসনব্যৱস্থা হেৰুওৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ।

আম আদমী পাৰ্টীয়ে দিল্লীৰ বাকী তিনিখন আসনত জিকিছে। ঝাৰখণ্ডত, শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছ জয়ী হৈছে। অন্ধ্ৰ প্ৰদেশতো ৱাইএছআৰ কংগ্ৰেছ দলে বৃহৎ বিজয় সাৱস্ত্য কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd