NORTHEAST NOW (Assamese)

শান্তি সমদল উলিয়াই বিজেপিয়ে অসমবাসীক অপমান কৰিছে : তৰুণ গগৈ

January 10, 2020 4:42 pm · কল্পজ্যোতি শইকীয়া
Updated: January 10, 2020 8:55 pm
নিউ মিনিষ্টাৰ কলনিত সংবাদমেল প্ৰাক্নন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

দিচপুৰৰ নিউ মিনিষ্টাৰ কলনিত সংবাদমেল দি আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দেশৰ অৰ্থনীতিৰ পৰা মোদী, অমিত শ্বাহ, সৰ্বানন্দ, হিমন্ত সকলোকে এফালৰ পৰা তুলাধূনা দিয়ে।

“অচ্ছে দিন”ৰ ঠাইত চাৰিওফালে অশান্তিয়ে বিৰাজ কৰা বুলি দাবী কৰি গগৈয়ে জনসাধাৰণে ক্ষোভ আৰু দুখেৰে দিন কটাব লগীয়া হৈছে বুলি কয়। তেওঁৰ মতে মোদীৰ শনিৰ দশা আৰম্ভ হৈছে আৰু ই কেইবা বছৰো থাকিব.

অসমত সকলো লোক ৰাজপথলৈ ওলাই অহা বাবে মুখ্য মন্ত্ৰী সোণোৱাল দায়ী বুলি কয় গগৈয়ে। গগৈৰ অভিযোগ, “মোদী আৰু অমিত শ্বাহক সন্তুষ্ট কৰিবলৈ গৈ দিল্লীৰ বহতীয়া হৈছে সোণোৱাল”।

প্ৰতিবাদক তল পেলাবলৈ বিজেপিয়ে অনুষ্ঠিত কৰা শান্তি সমদলক উপহাস কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মন্তব্য “অশান্তি হ’লেহে শান্তি সমদল উলিয়াব লাগে। শান্তি সমদল উলিয়াই শক্তি প্ৰদৰ্শনহে কৰিছে, উচটনি দিছে। শান্তি সমদল উলিয়াই বিজেপিয়ে অসমবাসীক অপমান কৰিছে”

ৰাইজে থলুৱা বাদ্যযন্ত্ৰ লৈ প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰাৰ প্ৰসংগেৰে গগৈৰ মন্তব্য, “চৰকাৰখন বোবা আৰু ক’লা, অৰ্থাৎ কাণেৰে নুশুনে। সেইকাৰণে দবা-কাঁহ লৈ জগাব বিচাৰিছে”।

স্বাভাৱিকতেই হিমন্তক আক্ৰমণ কৰিবলৈ নাপাহৰিলে গগৈয়ে। নিজৰ প্ৰাক্তন সতীৰ্থজনৰ শেহতীয়া মন্তব্যবোৰ প্ৰসংগত কয়, হিমন্তই সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছে, গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে।

তেওঁ লগতে কয়, “হিমন্ত দুই নম্বৰী বুলি সকলোৱে জানে। তেওঁ বাচিবৰ কাৰণে প্ৰফুল্ল মহন্তৰ ওচৰলৈ আহিছিল, আমাৰ ওচৰলৈ আহিছিল, এতিয়া অমিত শ্বাহৰ ওচৰলৈ গৈছে। তেওঁকতো দক্ষ মন্ত্ৰী বুলি কয়, মুখেৰেহে দক্ষ নে কামৰে দক্ষ? হিমন্তই মোক ভেলেঙা আহোম পাই সুবিধা লৈ ল’লে। মই ধৰিবই নোৱাৰিলো, পাত্তাই নাপালোঁ। ভাৰতৰ বুৰঞ্জীত হিমন্ত কম দিনৰ ভিতৰত ধনী হৈ গ’ল। তেওঁ নিজে নপতা ফুকন হৈ যায়”।

“অমিত শ্বাহে যদি কংগ্রেছত ৯০% বাংলাদেশী মানুহ আছে বুলি কৈছে, মই প্ৰত্যাহ্বান জনাইছো অমিত শ্বাহে প্ৰমাণ কৰি দেখাওক”, অমিত শ্বাহৰ পূৰ্বৰ মন্তব্য সন্দৰ্ভত তেওঁ কয়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনাৰে গগৈয়ে কয়, “ৰাইজে সৰ্বানন্দৰ পৰা আশা কৰিছিল আৰু বিশ্বাস কৰিছিল। তেওঁৰ আন্তৰিকতা আছিল। তেওঁ ফোঁট এটা লৈ ফুৰে, ভণ্ডামি ফোঁট নে কি নাজানো। তেওঁ বিদেশীমুক্ত অসমৰ কথা কয়, এতিয়া ক’ত বিদেশীমুক্ত অসম হ’ল?”

চৰকাৰক সমালোচনা কৰা বাবেই নিজৰ Z প্লাছ নিৰাপত্তা কাটি দিলে বুলিও অভিযোগ কৰে গগৈয়ে।

“অসমৰ অৱস্থা যদি ভাল আছে তেওঁলোকে নিজৰ নিৰাপত্তা কিয় বঢ়াই আছে? যদি তেওঁলোকৰ মতে অসমৰ অৱস্থা ভাল তেন্তে সোণোৱালক Z প্লাছ নিৰাপত্তা কিয় লাগে? এওঁলোকৰ দিনত আলফা জেহাদী লাহে লাহে সক্ৰিয় হৈ গৈ আছে” গগৈয়ে কয়।

“কৃষক মুক্তিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি আন্দোলন দমন কৰিব পাৰিছে নেকি” বুলিও প্ৰশ্ন কৰে গগৈয়ে।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট’ল সংগ্ৰহক লৈ নতুন উদ্যম দেখুওৱা চৰকাৰখনলৈ গগৈৰ আহ্বান, “ট’ল টেক্সৰ পৰা উত্তৰ পূবক বাদ দিব লাগে। বিশেষ মৰ্যদা সেই কাৰণে বিচাৰিছিলোঁ। চাৰি লাইনৰ ৰাস্তাৰ কাম নায়েই, আমাৰ দিনতে যি কৰিলো। এই সাত বছৰে মোদীয়ে কি কৰিলা মোক হিচাপ দিয়া। আগত ৰাস্তাকেইটা ভাল কৰি তাৰ পাছত ট’ল টেক্স লোৱা”।

Related News