ষষ্ঠদশ লোকসভাত বাদ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ নতুনকৈ উত্থাপন কৰা হ’ব : কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী

প্ৰতিনিধিত্বমূলক ফটো

মঙলবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ষষ্ঠদশ লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰা হৈছে আৰু ইয়াৰ পুনৰ নতুনকৈ উত্থাপন কৰা হ’ব।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ চনত লোকসভাত উত্থাপন কৰা হৈছিল। দুটীয়া সংসদীয় কমিটিক এই বিধেয়ক সম্পৰ্কত ৰিপোৰ্ট গ্ৰহণৰ বাবে দায়িত্ব দিয়া হৈছিল আৰু কমিটিয়ে জানুৱাৰীত সংসদত নিজৰ ৰিপোৰ্ট দাখিল কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯ লোকসভাত উত্থাপন কৰা হয় আৰু জানুৱাৰীত লোকসভাত গৃহীত কৰা হয়। বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত গৃহীত হোৱাৰ ক্ষেত্ৰত বন্ধ হৈ আছিল আৰু সেই সময়তে ষষ্ঠদশ লোকসভা ভংগ হোৱাৰ পাছত বিধেয়কখন বাতিল হয় বুলি ৰায়ে উল্লেখ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই বিধেয়কৰ মূল উদ্দেশ্য হ’ল পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা যাৰ বৈধ কাগজ পত্ৰৰ ম্যাদ উকলি গৈছে।

১৯৫৫ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনুসৰি বৈধ কাগজ পত্ৰ নথকা লোকসকলক অবৈধ অনুপ্ৰবেশকাৰী বুলি গন্য কৰা হৈছিল আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ বাবে আবেদনত বাধা আৰোপ কৰা হৈছিল।

আনহাতে, ২৪ অক্টোৱৰ ২০১৮ত নগৰিকত্ব বিধেয়ক,১৯৫৫ৰ ধাৰা ১৬ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছিল যাতে উল্লেখিত দেশসমূহৰ পৰা ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব পৰা যায় যদিহে তেওঁলোকে যোগ্যতাৰ সীমাবোৰ পূৰণ কৰে।

এই অধিসূচনাই নাগৰিকত্ব বিধেয়ক,১৯৫৫ৰ অধীনৰ নিয়মৰ কোনোধৰণৰ সংশোধন নকৰে।

বাতিল হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ আৰু আৰু ২৪ অক্টোৱৰ,২০১৮ৰ অধিসূচনা অনুসৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা সংখ্যালঘুৰ বিষয়ত হস্তক্ষেপ কৰিব।