NORTHEAST NOW (Assamese)

লতাশিল আৰক্ষীৰ বৰ্বৰতা! প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক টানি-আজুৰি চোঁচোৰাই আটক

December 10, 2019 8:48 pm · কল্পজ্যোতি শইকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ এটা দলক আজি সন্ধিয়া প্ৰায় ৬ বজাত লতাশিল আৰক্ষী আটক কৰে। গুৱাহাটী ক্লাবৰ পৰা আৰক্ষীয়ে আটক কৰা ৮ গৰাকী প্ৰতিবাদকাৰী ভাৰতীয় ছাত্ৰ ফেডাৰেচন (SFI)ৰ সদস্য।

গুৱাহাটী ক্লাবত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি থকা অৱস্থাত প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষী জপিয়াই পৰে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক নিৰ্মমভাবে প্ৰহাৰ কৰাৰ লগতে চোঁচোৰাই চোঁচোৰাই তেওঁলোকক লতাশিল থানালৈ লৈ যায়। আৰক্ষীৰ প্ৰহাৰত সংগঠনটোৰ গুৱাহাটী জিলাৰ কাৰ্য্য নিৰ্বাহক সদস্য মঞ্জিত ডেকা আহত হয়।

ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী, গুৱাহাটী জিলা সদস্য উৎপলা দাস, অংকিতা ডেকা, পুজা নিৰলা, মেহজুমিন ৰহমানকে ধৰি মুঠ ৮ গৰাকী প্ৰতিবাদকাৰীক বাতৰি যুগুত কৰা সময়লৈকে লতাশিল থানাত আটক কৰি ৰখা হৈছে।

আনহাতে আৰক্ষীয়ে থানাৰ ভিতৰতো ছাত্ৰ সংগঠনটোৰ সদস্যসকল বৰ্বৰভাৱে থানাটো মাৰপিট চলোৱাৰ অভিযোগ উত্থাপন কৰিছে SFIৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰংকুশ নাথে।

https://www.facebook.com/NNUnscripted/videos/996943044013950/?epa=SEARCH_BOX

Related News