• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 1, 2025 8:31 pm
51
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় কেবিনেটে তামিলনাডুত ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (৪৬.৭ কিমি) নিৰ্মাণত অনুমোদন জনাইছে। প্ৰকল্পটো হাইব্ৰিড এনুইটি ম’ডত (HAM) মুঠ ১,৮৫৩ কোটি টকাৰ মূলধনী ব্যয়েৰে নিৰ্মাণ কৰা হ’ব।

বৰ্তমান মাদুৰাই, পৰমকুড়ী, ৰামনাথপুৰম, মাণ্ডাপাম, ৰামেশ্বৰম আৰু ধনুষকুড়ীৰ মাজৰ যোগাযোগ ব্যৱস্থা এতিয়াৰ ২-লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ ৮৭ (NH-87) আৰু সংশ্লিষ্ট ৰাজ্যিক ঘাইপথৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰিণতিত বিশেষকৈ ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু কৰিডৰৰ কাষৰীয়া মূল চহৰসমূহত অধিক যান-জঁটৰ সৃষ্টি হয়। এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাকৰণৰ অৰ্থে প্ৰকল্পটোৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ ৮৭-ৰ পৰমকুড়ীৰ পৰা ৰামনাথপুৰমলৈ প্ৰায় ৪৬.৭ কিলোমিটাৰ অংশ ৪-লেনলৈ উন্নীত কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত বৰ্তমানৰ কৰিডৰটো ভিৰ মুক্ত, সুৰক্ষা ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা পৰমকুড়ী, সতীৰাকুড়ী, আচুন্দনভায়াল তথা ৰামনাথপুৰমৰ দৰে চহৰৰ ম’বিলিটি প্ৰয়োজনীয়তা পূৰণ হ’ব।

প্ৰকল্পটোৱে ৫ টা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-৩৮, ৰাষ্ট্ৰীয় ঘাইপথ-৮৫, ৰাষ্ট্ৰীয় ঘাইপথ-৩৬, ৰাষ্ট্ৰীয় ঘাইপথ-৫৩৬ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৩২) তথা ৩ টা ৰাজ্যিক ঘাইপথ (ৰাজ্যিক ঘাইপথ-৪৭, ৰাজ্যিক ঘাইপথ-২৯, ৰাজ্যিক ঘাইপথ-৩৪)-ক একত্ৰিতকৰণেৰে সমগ্ৰ দক্ষিণ তামিলনাডুৰ মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও উন্নীতকৃত কৰিডৰটোৱে ২ টা প্ৰধান ৰেলৱে ষ্টেচন (মাদুৰাই আৰু ৰামেশ্বৰম), এটা বিমানবন্দৰ (মাদুৰাই) আৰু ২ টা সৰু বন্দৰ (পাম্বন আৰু ৰামেশ্বৰম)-ক সংযোগেৰে মাল্টি-মডেল সংহতিৰ বৰ্ধন ঘটাব, ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত সামগ্ৰীৰ সৰবৰাহ আৰু যাত্ৰীৰ আহ-যাহ ত্বৰান্বিত হ’ব।

সম্পূৰ্ণ হোৱাৰ লগে-লগে পৰমকুড়ী-ৰামনাথপুৰম অংশই আঞ্চলিক অৰ্থনৈতিক বিকাশ, প্ৰধান ধৰ্মীয় আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থাক সুদৃঢ়কৰণ, ৰামেশ্বৰম আৰু ধনুষকুড়ীলৈ পৰ্যটনৰ সম্প্ৰসাৰণ, বাণিজ্য আৰু ঔদ্যোগিক উন্নয়নৰ নতুন পথ মুকলিৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰকল্পটোৱে প্ৰায় ৮.৪ লাখ পাৰ্ছন-ডে’ৰ প্ৰত্যক্ষ আৰু ১০.৪৫ লাখ পাৰ্ছন-ডে’ৰ পৰোক্ষ নিয়োগো সৃষ্টি কৰিব তথা ইয়াৰ জৰিয়তে আশে-পাশে থকা অঞ্চলসমূহৰ বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ প্ৰশস্ত হ’ব।

Recent News

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd